অসম লাইভ ২৪ঃ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত পৃথিৱীৰ এক অন্যতম ভয়াৱহ সমস্যা হৈছে প্লাষ্টিক আৱৰ্জনা। ১৯৫০ চনৰ পাছৰে পৰা বৰ্তমানলৈকে ৯ বিলিয়ন টন অৰ্থাৎ ১৮৬ কোটি কিঃগ্ৰাঃ প্লাষ্টিক আৱৰ্জনা পৃথিৱীৰ বুকুত সৃষ্টি হৈছে। ইয়াৰে কেৱল ৯ শতাংশ আৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হৈছে। ১২ শতাংশ প্লাষ্টিক জ্বলাই দিয়া হৈছে আৰু বাকী ৭৯ শতাংশ প্লাষ্টিক প্ৰকৃতিৰ বাবে এক বিপদ। বৰ্তমান বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে এবিধ কাঠফুলা যিয়ে প্লাষ্টিকক খাদ্য হিচাপে গ্ৰহণ কৰে আৰু উৎপাদন কৰে জৈৱিক পদাৰ্থ।
এই কাঠফুলাবিধৰ নাম ‘পেষ্টাল’টিয়প্সিচ মাইক্ৰস্প’ৰা’ (pestalotiopsis misrospors)। ই প্লাষ্টিক তৈয়াৰী পদাৰ্থ পলিয়োৰিথেন খাই প্ৰাকৃতিকভাৱে জৈৱিক পদাৰ্থলৈ ৰূপান্তৰ কৰে। এই কাঠফুলাবিধৰ অধিক উৎপাদন কৰিলে ভৱিষ্যতে দূষিত প্লাষ্টিক আৱৰ্জনাৰ পৰা পৰিত্ৰাণ পোৱা যাব।
প্ৰকৃতিবিদসকলৰ মতে, এই কাঠফুলাবিধ প্লাষ্টিক আৱৰ্জনাৰ ওপৰত উৎপাদন কৰিলে সকলো আৱৰ্জনা জৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত হ’ব আৰু এইসমূহক ৰাসায়নিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। এই কাঠফুলা বিধত থকা বেংচতা নামৰ উপাদানৰ বাবে ই সকলোতে বৃদ্ধি হ’ব পাৰে।
বহু বছৰৰ পৰাই বৈজ্ঞানিকসকলে কাঠফুলাবিধৰ ওপৰত গৱেষণা কৰি আছে। পৃথিৱীত মুঠ ২০-৪০ লাখ প্ৰজাতিৰ বেংচতা পোৱা যায়। এই কাঠফুলাবিধ বৰ্তমান কেৱল ইকুৱেডৰৰ আমাজন জংঘলত পোৱা গৈছে।
য়েল ইউনিভাৰচিটিৰ বিজ্ঞানীসকলৰ মতে, কাঠফুলাবিধ অক্সিজেন কম থকা অথবা অক্সিজেন নথকা ঠাইতো জীয়াই থাকিব পাৰিব। কাৰণ ইয়াৰ বাবে প্ৰয়োজনীয় অক্সিজেন গেছ প্লাষ্টিকৰ পৰা উৎপাদন কৰা জৈৱিক পদাৰ্থৰ পৰাই লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ