বৈবাহিক ধৰ্ষণ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দুই বিভক্ত ৰায়দানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে বুলি মঙলবাৰে প্ৰকাশ কৰিছে বাৰ এণ্ড বেঞ্চে। খুশবু ছাইফীয়ে ভাৰতী দণ্ড বিধি আইনৰ ৩৭৫ নং ধাৰাৰ ২ৰ বৈধতা সম্পৰ্কীয় এক আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে।
উল্লেখ্য যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৫ ধাৰা ২ অনুসৰি পত্নীৰ সৈতে অসন্মতিক্ৰমে অৰ্থাৎ বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ কৰিব নোৱাৰি। অৰ্থাৎ এই ধাৰাই বৈবাহিক ধৰ্ষণক অপৰাধৰূপে গণ্য নকৰে৷
এই বিষয়টোৰ সম্পৰ্কে উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হৈছিল আৰু ন্যায়ালয়ৰ দুই ন্যায়াধীশ ক্ৰমে ৰাজীৱ শকধেৰ আৰু চি হৰি শংকৰ সংমণ্ডল বিচাৰপীঠে যোৱা ১১ মে’ত এই গোচৰত পৰস্পৰ বিৰোধী ৰায়দান কৰিছিল।
লগতে পঢ়ক মাত্ৰ এই নিয়ম মানি চলক, এতিয়াৰ পৰা গাড়ীত উঠিলেও বমি নহয় আৰু আপোনাৰ
ন্যায়াধীশ শকধেৰে এই বিধানক অসাংবিধানিক বুলি বাদ দিলেও ন্যায়াধীশ শংকৰে ইয়াক সমৰ্থনহে কৰে। ন্যায়াধীশ শকধেৰে বৈবাহিক ধৰ্ষণৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিলেও ন্যায়াধীশ শংকৰে পত্নীৰ অসন্মতিত স্বামীয়ে স্থাপন কৰা যৌন সম্পৰ্কক বৈবাহিক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি বুলি মত প্ৰকাশ কৰে৷
ইয়াৰ পিছতে ন্যায়াধীশ ৰাজীৱ শকধেৰৰ ৰায়ক সমৰ্থন কৰি ন্যায়াধীশ হৰি শংকৰৰ মতামতক প্ৰত্যাহ্বান জনাইছে আপীলকাৰী ছাইফীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















