দেশৰ কোটি কোটি কৃষকে এতিয়া প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২৪ সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে। ২৩ সংখ্যক কিস্তিৰ অধীনত চৰকাৰে ৯.৪৪ কোটিৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ ২০০০ টকাকৈ ট্ৰেন্সফাৰ কৰিছে। কিন্তু আধাৰ, ই-কেৱাইচি, বেংক একাউণ্ট সম্পৰ্কীয় সমস্যা বা অন্যান্য কাৰিকৰী ত্ৰুটিৰ বাবে লাখ লাখ হিতাধিকাৰীয়ে এই কিস্তি লাভ কৰিব পৰা নাই।
বহু যোগ্য কৃষকে এতিয়াও পি এম কিষাণ যোজনাত নাম পঞ্জীয়ন কৰা নাই। গতিকে প্ৰশ্ন হয়, ২৪তম কিস্তিৰ ২০০০ টকা সময়মতে পাবলৈ কি কৰা উচিত? কি কি সাধাৰণ ভুলৰ বাবে কিস্তিৰ ধন আবদ্ধ হৈ পৰিব পাৰে? পি এম কিষানৰ পৰৱৰ্তী কিস্তি লাভ কৰাৰ সময়ত কি কি কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ তাৰ সবিশেষ জানি লওক।
কৃষকৰ বাবে ৪ টা গুৰুত্বপূৰ্ণ কথা
প্ৰথম কথা স্বামী-স্ত্ৰী দুয়োজনে পি এম কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰিব পাৰিবনে? চৰকাৰী নিয়ম অনুসৰি এটা পৰিয়ালৰ এজন যোগ্য সদস্যইহে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ সুবিধা লাভ কৰিব পাৰিব। যদি এই আঁচনিৰ ধন পতি-পত্নী উভয়ৰে বেংক একাউণ্টত জমা হয়, তেন্তে পিছত চৰকাৰে অতিৰিক্ত ধন ঘূৰাই বিচাৰিব পাৰে।
দ্বিতীয় কথা এজন কৃষকৰ মৃত্যুৰ পিছতো তেওঁৰ পৰিয়ালে পি এম কিষাণৰ কিস্তি লাভ নকৰে। এজন কৃষকৰ মৃত্যুৰ পিছত তেওঁৰ নামত পি এম কিষাণ কিস্তি বন্ধ হৈ যায়। পৰিয়ালৰ আন যিকোনো যোগ্য সদস্যই প্ৰথমে তেওঁৰ নামত মাটিৰ ৰেকৰ্ড বা মালিকীস্বত্বৰ প্ৰয়োজনীয় পৰিৱৰ্তন কৰিব লাগিব। তেতিয়া তেওঁ নতুনকৈ আৱেদন কৰিব লাগিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ সুবিধা লাভ কৰিবলৈ।
তৃতীয় গুৰুত্বপূৰ্ণ কথা আধাৰ, বেংক একাউণ্ট আৰু মাটিৰ ৰেকৰ্ডত নাম বা বানানৰ পাৰ্থক্য থাকিলে পি এম কিষান কিস্তিৰ ধন আবদ্ধ হৈ থাকিব পাৰে। সকলো নথি-পত্ৰতে নাম আৰু প্ৰয়োজনীয় তথ্য একে আছে নে নাই সেইটো পৰীক্ষা কৰি চাব লাগে। কিবা ভুল বা অমিল থাকিলে প্ৰথমে শুধৰাই ল’ব লাগিব।
আয়কৰ আদায় দিয়া কৃষকে পি এম কিষাণ যোজনাৰ সুবিধা লাভ নকৰে। আয়কৰ আদায় দিয়া ব্যক্তিসকল পি এম কিষাণ যোজনাৰ সুবিধাৰ বাবে যোগ্য নহয়। আঁচনিখনৰ নিয়ম অনুসৰি বৰ্তমান আৰু পূৰ্বৰ চৰকাৰী কৰ্মচাৰীৰ কিছুমান বিশেষ শ্ৰেণী আৰু প্ৰতিমাহে ১০ হাজাৰ টকা বা তাতকৈ অধিক পেঞ্চন লাভ কৰা কিছুমান বিশেষ শ্ৰেণীৰ অৱসৰপ্ৰাপ্তসকলো এই আঁচনিৰ সুবিধা লাভৰ বাবে যোগ্য নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















