অসম লাইভ ২৪ঃ এতিয়াৰে পৰা প্ৰতিবছৰে ১৪ আগষ্টত ভাৰতে পালন কৰিব ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’। এই কথা ঘোষণা কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বাধীনতা দিৱসৰ পূৰ্বে ভাৰত-পাকিস্তানৰ বিভাজনৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘দেশ বিভাজনৰ দুখ কেতিয়াও পাহৰিব নোৱাৰি’। হিংসা আৰু ঘৃণাৰ বাবে বহু লোকে আত্মবলিদান দিয়াৰ লগতে লাখ লাখ লোক বিতাড়িত হ’বলগীয়া হ’ল। সেইসকলৰ সোঁৱৰণত ১৪ আগষ্টত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
देश के बंटवारे के दर्द को कभी भुलाया नहीं जा सकता। नफरत और हिंसा की वजह से हमारे लाखों बहनों और भाइयों को विस्थापित होना पड़ा और अपनी जान तक गंवानी पड़ी। उन लोगों के संघर्ष और बलिदान की याद में 14 अगस्त को ‘विभाजन विभीषिका स्मृति दिवस’ के तौर पर मनाने का निर्णय लिया गया है।
— Narendra Modi (@narendramodi) August 14, 2021
এই দিৱস উদযাপনে ব্যক্তিৰ মাজত ভেদভাৱ, বৈষম্যতা আৰু হিংসাৰ ভাৱৰ পৰিৱৰ্তে একতা, সামাজিক সদভাৱ আৰু মানৱীয় প্ৰমূল্যবোধ বদ্ধিৰ প্ৰেৰণা আগবঢ়াব। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিছিল। ১৪ আগষ্টত ভাৰত-পাকিস্তান দুটা ভাগত বিভক্ত হৈছিল। গতিকে পাকিস্তানৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি অটাৰী-ৱাঘা সীমান্তত দুয়োখন দেশৰ সেনাই মিঠাই আদান-প্ৰদান কৰে।
On the occasion of Pakistan’s Independence Day, the Indian Army exchanged sweets with Pakistan Army in Poonch & Mendhar: 16 Corps, Indian Army pic.twitter.com/RS9yAMLuNA
— ANI (@ANI) August 14, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















