প্ৰধানমন্ত্ৰীৰ জীৱনৰ প্ৰথমটো পোডকাষ্ট- ‘মই কোনো ভগৱান নহয়, মোৰো ভুল হয়’
জীৱনৰ প্ৰথমটো পোডকাষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিখিল কামাথৰ সৈতে হোৱা এই পোডকাষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁ কোনো ভগৱান নহয়, তেঁওৰ হাততো ভুল হয়।
জিৰোধৰ সহ-প্ৰতিষ্ঠাপক নিখিল কামাথৰ প’ডকাষ্ট শ্ব’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু বিষয়ত মুকলিকৈ কথা পাতে। প’ডকাষ্টৰ আৰম্ভণিতে নিখিল কামাথে পিএম মোডীক কয় যে “মই ইয়াত আপোনাৰ সন্মুখত বহি কথা পাতি আছো, মই নাৰ্ভাছ। মোৰ বাবে এইটো এটা কঠিন কথা-বতৰা।” এই কথাত পিএম মোদীয়ে হাঁহি হাঁহি উত্তৰ দিয়ে, “এয়া মোৰ প্ৰথম প’ডকাষ্ট, মই নাজানো আপোনাৰ দৰ্শকে ইয়াক কেনেদৰে ভাল পাব।”
মুখ্যমন্ত্ৰী হোৱাৰ সময়ত মই এটা ভাষণ দিছিলোঁ, য’ত মই কৈছিলোঁ, ‘মই কঠোৰ পৰিশ্ৰমৰ পৰা পিছুৱাই নাযাওঁ’ আৰু ‘মই নিজৰ বাবে একো নকৰো’ আৰু ‘মই ভুল কৰিব পৰা মানুহ, কিন্তু মই বেয়া উদ্দেশ্যেৰে কেতিয়াও কোনো ভুল নকৰো। এইটোৱেই মোৰ জীৱনৰ মন্ত্ৰ। কাৰণ মই মানুহ, ভগৱান নহয়।
নিখিল কামাথে আয়োজন কৰা প’ডকাষ্টত পিএম মোদীয়ে কয় যে গান্ধী আৰু সাৱৰকাৰৰ পথ বেলেগ, কিন্তু তেওঁলোকৰ মতাদৰ্শ হৈছে “স্বাধীনতা”। মতাদৰ্শতকৈ আদৰ্শবাদৰ গুৰুত্ব বেছি। মতাদৰ্শ অবিহনে ৰাজনীতি হ’ব নোৱাৰে। অৱশ্যে আদৰ্শবাদ অতি গুৰুত্বপূৰ্ণ। স্বাধীনতাৰ আগতে মতাদৰ্শ আছিল স্বাধীনতা। গান্ধীৰ পথ বেলেগ আছিল যদিও মতাদৰ্শ আছিল স্বাধীনতা। সাৱৰকাৰে নিজৰ পথ বাছি লৈছিল, কিন্তু তেওঁৰ মতাদৰ্শও আছিল স্বাধীনতা।”
আৰু বহু কথাই নিখিলৰ সৈতে পোডকাষ্টত পাতে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ এক্স হেণ্ডেলতো পোষ্ট কৰি তেওঁৰ প্ৰথম পোডকাষ্টৰ কথা সদৰি কৰে। পেষ্ট শ্বেয়াৰ কৰি লিখিছে, “আশা কৰিছো এই প’ডকাষ্টটো দৃশ্যগ্ৰহণৰ সময়ত মই যিমান উপভোগ কৰিলো, আপোনালোকেও সিমানেই ভাল পাব।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ