দেশভক্তি দেখুৱাই দেশৰ জনতাই সোণ ক্ৰয় নকৰিব। সোণ কিনাৰ পৰা নিজক আঁতৰাই ৰাখিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ।সোণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু উল্লেখযোগ্য বক্তব্য আগবঢ়ায়। তেওঁ প্ৰয়োজনৰ ভিত্তিত সোণ ক্ৰয় কৰিবলৈ ৰাইজক আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে মানুহে সোণ কিনাৰ পৰা বিৰত থাকিব লাগে আৰু অতি প্ৰয়োজনীয় সময়তহে সোণ কিনিব লাগে।
তেওঁ লগতে কয় যে ‘যদি সোণৰ প্ৰয়োজন নাই তেন্তে ইয়াক ক্ৰয় কৰিব নালাগে। তেওঁ স্বদেশী আৰু ভ’কেল ফৰ লোকেলৰ মন্ত্ৰ গ্ৰহণৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰক।’ এই খবৰৰ পিছতে সোণ কোম্পানীৰ শ্বেয়াৰ যথেষ্ঠ হ্ৰাস পায়।
আনফালে আজি প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশ ভ্ৰমণতো বাধা আৰোপ কৰিছে। তেওঁ দেশী মূদ্ৰা ৰাহি কৰিবলৈ বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈও সকলোকে আহ্বান জনায়। তেওঁ কয়, দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৰক্ষা কৰক। প্ৰথম ত্ৰৈমাসিকত দেশৰ GDPবৃদ্ধিৰ হাৰ হৈছে ৭.৮ শতাংশ। ভাৰতীয় অৰ্থনীতিৰ বাবে আহিছে এক ডাঙৰ খবৰ। বিশেষ ভিডিঅ’ বাৰ্তা জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা উল্লেখ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















