এখন ঘৰ নিৰ্মাণ কৰা বা ক্ৰয় কৰা প্ৰত্যেক মানুহৰেই সপোন৷ কিন্তু ক্ৰমবৰ্ধমান মুদ্ৰাস্ফীতিৰ এই সময়ত বেংকৰ সহায় অবিহনে এই সপোন পূৰণ কৰা সহজ নহয়৷ এই পৰিস্থিতিত পঞ্জাৱ নেশ্ব্যনেল বেংক, সংক্ষেপে PNBয়ে হোম লোনৰ ক্ষেত্ৰত বিশেষ সুবিধা দিছে৷ প্ৰশ্ন হৈছে যদি কোনোৱে ২০ লাখ টকাৰ হোম লোন ল’ব খোজে তেন্তে তেওঁৰ দৰমহা কিমান হোৱা উচিত? আৰু EMI কিমান দিব লাগিব?
PNBৰ পৰা ২০ লাখৰ হোন লোন ল’বলৈ দৰমহা কিমান হোৱা উচিত?
বেংকে হোম লোনৰ EMI মাহিলী আয়ৰ ৪০ শতাংশ বা ৫০ শতাংশ ধৰে৷ অৰ্থাৎ কোনোৱে যদি ২০ বছৰৰ বাবে ২০ লাখ টকাৰ ঋণ ল’ব খোজে তেন্তে EMI হব মাহিলী প্ৰায় ১৮০০০ৰ পৰা ২০০০০ টকা৷ ইয়াৰ অৰ্থ হৈছে মুঠ দৰমহা প্ৰতিমাহে কমেও ৩৫০০০ৰ পৰা ৪০০০০ টকাৰ ভিতৰত হোৱা উচিত যাচে বেংকে সেই ঋণত অনুমোদন জনাব পাৰে৷
সুদৰ হাৰ আৰু ম্যাদ
সম্প্ৰতি PNBত হোম লোনৰ সুদৰ হাৰ বাৰ্ষিক ৮.৫০ শতাংশৰ পৰা আৰম্ভ হৈছে৷ ম্যাদ ৩০ বছৰ পৰ্যন্ত হব পাৰে৷ সুদৰ হাৰ আবেদনকাৰীৰ প্ৰফাইল, CIBIL স্কোৰ আৰু চাকৰিৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে৷
২০ লাখ টকাৰ হোম লোনৰ EMI গণনা
ধৰা হ’ল কোনোৱে ২০ বছৰৰ বাবে অৰ্থাৎ ২৪০ মাহৰ বাবে ২০ লাখ টকাৰ হোম লোন হৈছে আৰু সুদৰ হাৰ আছিল বাৰ্ষিক ৮.৫০ শতাংশ তেন্তে EMI কিমান হব?
ঋণৰ পৰিমাণ ২০,০০,০০০ টকা, সুদৰ হাৰ ৮.৫০শতাংশ, ম্যাদ ২০ বছৰ, EMI ১৭৩৫৬ টকা, মুঠ পৰিশোধ ৪১,৬৫,৪৪০ টকা৷ ইয়াত দেখা গৈছে যে ২০ লাখ টকাৰ ঋণত EMI প্ৰায় ১৭,৩৫৬ টকা হব৷ ২০বছৰৰ ভিতৰত মুঠ পৰিশোধ কৰিব লাগিব ৪১,৬৫ লাখ টকা, যাৰ মাজত ২১.৬৫ লাখ টকা কেৱল সুদ হিচাপে দিব লাগে৷
এটা ভাল CIBIL স্কোৰ কিয় গুৰুত্বপূৰ্ণ
PNB হোম লোন পাবলৈ CIBIL স্কোৰ কমপক্ষেও ৭৫০ বা তাতকৈ বেছি হোৱা উচিত৷ স্কোৰ ভাল হলে কেৱল ঋণ সহজেই অনুমোদিত নহয় বৰং সুদৰ হাৰো কম থাকে৷ অন্যহাতে স্কোৰ কম হলে সুদৰ হাৰ বাঢ়িব পাৰে অথৱা আবেদন প্ৰত্যাখ্যানো কৰিব পাৰে৷ বিস্তাৰিত জানিবলৈ আপুনি বেংকৰ সৈতে কথা পাতক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ