সামাজিক মাধ্যমত আকৌ ভাইৰেল আৰক্ষীয়ে আৰক্ষীৰ মাজত লগা খণ্ড যুদ্ধৰ দৃশ্য। আইন ৰক্ষাকাৰী আৰক্ষীৰ মাজত লগা এনে খণ্ড যুদ্ধৰ দৃশ্যই এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক।
যদি নিজৰ মাজতেই এনেদৰে দুৰ্বাদল কাজিয়ত ব্যস্ত থাকে আৰক্ষীয়ে, তেন্তে কেনেকৈ নিয়ন্ত্ৰণ কৰিব সমাজৰ নিয়ম-শৃংখলা। সামাজিক মাধ্যমত ভাইৰলে হৈ পৰা এই দৃশ্য কিমান দিনৰ পুৰণি সেইয়া জানিব পৰা নাই যদিও আৰক্ষীৰ মাজত লগা এই কাজিয়াৰ দৃশ্য উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ