নিমিষা হত্যাকাণ্ডৰ তদন্ত এতিয়াও চলি আছে। ঘটনাটোৰ সৈতে নাম সাঙোৰ খোৱা ৰূপম শইকীয়াক মঙলবাৰে আটক কৰিছিল আৰক্ষীয়ে, কিন্তু নিশা সোধাপোছাৰ অন্তত আজাৰা আৰক্ষীয়ে ঘৰলৈ যাব দিয়ে। ঘটনাৰ পিছদিনা সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল ৰূপম। ইফালে আৰক্ষীৰ জিম্মাত নিমিষা কাণ্ডৰ মূল অভিযুক্ত আছিক আলী, মিণ্টু আলী। এই ঘটনাৰ সৈতে জড়িত আছিক আলীক ৮দিনৰ জিম্মাত ৰাখিছে গড়চূক আৰক্ষীয়ে, আনহাতে দ্বিতীয়টো অভিযুক্ত মিণ্টু আলীক প্ৰেৰণ কৰা হৈছে ৪দিনৰ জিম্মালৈ।
উল্লেখ্য যে, ২৫ ছেপ্টেম্বৰত আছিক আৰু নিমিষাৰ সৈতে ৰূপম শইকীয়াই একেলগে মদ্যপান কৰিছিল ৰূপমে। মদ্যপান কৰাৰ পিছত নিশা হোমষ্টেৰ পৰা ৰূপম ওলাই আহিছিল। নিশা প্ৰায় ৯.৪০ বজাত ৰূপমে ঘৰলৈ উভতি গৈছিল।
পিছদিনা পুৱা পৰিয়ালৰ কোনো লোকৰ মৃত্যুৰ খবৰ ল’বলৈ ৰূপম মিৰ্জালৈ গৈছিল। মিৰ্জাৰ পৰা উভতি অহাৰ পিছত দিনটো তেওঁ ঘৰতে আছিল বুলি জানিব পৰা যায়।
কিন্তু সন্ধিয়া পুনৰ বাইকেৰে আদাবাৰীলৈ ওলাই যায়। তাৰ পিছৰে পৰা তেওঁৰ কোনো সন্ধান পোৱা যোৱা নাছিল। পৰিয়ালৰ লোকে বিভিন্ন স্থানত খবৰ কৰিও তেওঁৰ সন্ধান উলিয়াব পৰা নাছিল।
জানিব পৰা মতে, ডেৰমাহমান পূৰ্বেহে ৰূপম শইকীয়াৰ সৈতে আছিক-নিমিষাৰ চিনাকী হৈছিল। ইয়াৰ পূৰ্বে ৰূপমৰ গাড়ীতেই আছিক আৰু নিমিষা শ্বিলঙলৈ যোৱা বুলিও জানিব পৰা গৈছে। লগতে আছিক আলী ৰূপমৰ ভাতৃৰ ঘনিষ্ঠ আছিল বুলিও তথ্য পোহৰলৈ আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















