ই-ৰিক্সা চালকসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। যানবাহন আইন উলংঘা কৰা আৰু বৈধ নথি-পত্ৰ নথকা ই-ৰিক্সাৰ বিৰুদ্ধে নামনি অসমৰ গোৱালপাৰা জিলাত আৰক্ষীয়ে আৰম্ভ কৰিছে বৃহৎ অভিযান।
আৰক্ষীৰ বিশেষ তালাচী অভিযানত বৰ্তমানলৈকে প্ৰায় ২০০খন ই-ৰিক্সা জব্দ কৰা হৈছে। বিশেষকৈ লাইচেঞ্চ, বৈধ নথি-পত্ৰ আদি নথকা অথবা যানবাহন আইন উলংঘা কৰা ই-ৰিক্সাসমূহৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে।
আৰক্ষীৰ এই অভিযানৰ মূল উদ্দেশ্য হৈছে পথচাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে যানবাহন চলাচলৰ ক্ষেত্ৰত নিয়ম-শৃংখলা বজাই ৰখা। নথি-পত্ৰ অবিহনে বা নিয়ম উলংঘা কৰি ই-ৰিক্সা চলোৱা চালকসকলৰ বিৰুদ্ধে আগন্তুক দিনতো অভিযান অব্যাহত থাকিব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।
ই-ৰিক্সা চালকসকলক সেয়ে নিজৰ যানবাহনৰ সকলো বৈধ নথি-পত্ৰ লগত ৰখাৰ লগতে যানবাহন আইন মানি চলিবলৈ আহ্বান জনোৱা হৈছে। আৰক্ষীৰ এই অভিযানৰ ফলত জিলাখনৰ পথ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















