অসম লাইভ২৪ঃ লালকৃষ্ণ আদৱানী যিয়ে দেশৰ সৰ্বোচ্চ নাগৰিক সন্মান ভাৰতৰত্ন লাভ কৰাৰ কথা টুইটযোগে ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে সেই সন্মান আদৱানীৰ হাতত তুলি দিবলৈ আদৱানীৰ ঘৰত উপস্থিত হয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। ৰাষ্ট্ৰপতি মুৰ্মূৱে তেওঁৰ হাতত তুলি দিয়ে সৰ্বোচ্চ সন্মান। প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ ওপৰিও এই সন্মান প্ৰদান অনুষ্ঠানত আদৱানীৰ বাসগৃহত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰাক্তন উপৰাষ্ট্ৰপতি ভেংকায়া নায়ডু। অসুস্থতাৰ কাৰণে আদৱানীয়ে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত সন্মান প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল।
আদৱানীক ভাৰতৰত্ন সন্মান তুলি দিয়াৰ খবৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি মুৰ্মূৱে। ৰাষ্ট্ৰপতিয়ে এই ছবি প্ৰকাশ কৰি লিখিছে, ‘আদৱানীজিয়ে দীৰ্ঘ ৭দশক ধৰি নিষ্ঠা আৰু দৃঢ়তাৰে দেশসেৱা কৰিছে। ১৯২৭ চনত কৰাচীত জন্মগ্ৰহণ কৰিছিল আদৱানীয়ে। ১৯৮৭ চনত দেশ ভাগ হোৱাৰ সময়ত তেওঁ ভাৰতলৈ আহে। ভাৰতীয় সমাজ আৰু ৰাজনৈতিক পটপৰিবৰ্তনত তেওঁৰ ভূমিকা অপৰিসীম। সংসদীয় ৰাজনীতিতো তেওঁৰ পাণ্ডিত্যই ভাৰতীয় সংসদক সমৃদ্ধ কৰিছে।’
উল্লেখ্য যে , তিনি দশক পূৰ্বে দেশৰ ৰামমন্দিৰ আন্দোলনৰ সময়ত সংঘ পৰিয়ালৰ প্ৰধান মুখ আছিল আদৱানী। ৰামৰথ যাত্ৰাৰ জোৰতেই হিন্দী বলয়ত বিজেপিৰ উত্থানো হৈছিল। দেশত প্ৰথম ৰামৰথ আদৱানীয়েই ঘূৰাইছিল। ভাৰতৰত্ন সন্মানেৰে ভূষিত হৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে আদৱানীয়ে। তেওঁ কয়, ‘অত্যন্ত কৃতজ্ঞতাৰ সৈতে মই ভাৰতৰত্ন গ্ৰহণ কৰিছো। ব্যক্তিগতভাৱে মানুহ হিচাপে এই সন্মান পাবলৈ মোৰ যোগ্যতা নাই। এই সন্মান মোৰ নীতি আৰু আদৰ্শক দিয়া সন্মান। মই মোৰ সমগ্ৰ জীৱনকাল আদৰ্শ মানি চলাৰেই চেষ্টা কৰিছো।’ ৰাজনৈতিক মতপাৰ্থক্য দূৰলৈ ঠেলি কংগ্ৰেছেও আদৱানীক এই সন্মান জনোৱা বিষয়টোক স্বাগত জনাইছে।
উল্লেখ্য যে ১৯৮৬ৰ পৰা ১৯৯০, ১৯৯৩ৰ পৰা ১৯৯৮ আৰু ২০০৪ৰ পৰা ২০০৫লৈকে তিনি দফাত তেওঁ বিজেপিৰ সৰ্বভাৰতীয় সভাপতি আছিল। অটল বিহাৰী বাজপেয়ীৰ আমোলত তেওঁ উপপ্ৰধানমন্ত্ৰীও হৈছিল। সেই চৰকাৰৰ সময়তেই তেওঁ কয়লামন্ত্ৰীও আছিল। ১৯৯৮ৰ পৰা ২০০৪ চন পৰ্যন্ত দেশৰ গৃহমন্ত্ৰীৰ দায়িত্বতো আছিল বিজেপিৰ এইগৰাকী প্ৰবীণ নেতা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ