অসম লাইভ২৪ঃ ১ এপ্ৰিল ২০২৪ সোমবাৰে চন্দ্ৰ দিনজুৰি ধনু ৰাশিতেই থাকিব। পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ সপ্তমী তিথি। এই দিনটো শীতলা সপ্তমী নামেৰে পৰিচিত। কাইলৈ সোমবাৰে থাকিব বৰিয়ান যোগ আৰু ৰবি যোগ। ইয়াৰোপৰি কাইলৈ সোমবাৰে সমগ্ৰ দিন ধৰি থাকিব আষাঢ় নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ শীতলা সপ্তমী দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি সোমবাৰ হৈছে দেবাদিদেৱ মহাদেৱৰ প্ৰিয় দিন। এই দিনটোত শিৱ শংকৰৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ। জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কোনো কোনো ৰাশিৰ জাতকৰ বাবে। কাইলৈ জ্যোতিষ গণনা অনুসৰি ভোলানাথৰ আশীৰ্বাদ লাভ কৰিব এই পাঁচ ৰাশিৰ জাতকে।
মিথুন ৰাশি
কাইলৈ ১ এপ্ৰিলৰ দিনটো অত্যন্ত লাভজনক হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে। আপোনাৰ মনত কাইলৈ পজিটিভ চিন্তা বাঢ়িব। কোনো নতুন প্ৰকল্পত হাত দিবলৈ কাইলৈ দিনটোত আপুনি উদ্যোগ ল’ব পাৰে। নিজৰ চিন্তা আৰু কামেৰে কাইলৈ ডাঙৰ সাফল্য লাভ কৰিব। নিজৰ উপাৰ্জনেৰে কাইলৈ ঘৰৰ মানুহক সুখ দিব পাৰিব। কেৰিয়াৰত উন্নতিৰো যোগ আছে।
কৰ্কট ৰাশি
কাইলৈ দিনটো বেছ লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে। নিজৰ পেছাগত জীৱনত বিশেষ সাফল্য অৰ্জন কৰিব পাৰিব আপুনি। কাইলৈ মহাদেৱৰ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰতো। নিজৰ ইচ্ছাশক্তিৰ জোৰত কাইলৈ বহু চেলেঞ্জ অতিক্ৰম কৰিব পাৰিব আপুনি। পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত বেলেন্স বজাই ৰাখিব পাৰিব কৰ্কট ৰাশিৰ জাতকে।
তুলা ৰাশি
কাইলৈ দিনটো সাফল্যৰে ভৰি থাকিব তুলা ৰাশিৰ জাতকৰ জীৱন। ব্যৱসায়ীয়ে কাইলৈ মোটা অংকৰ আৰ্থিক ধন লাভ কৰিব। বিনিয়োগৰ প্ৰতি আগ্ৰহ বাঢ়িব আপোনাৰ। নিজৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ ল’ব পাৰে। সহকৰ্মীৰ পৰা সহায় লাভ কৰিব পাৰে।
বৃশ্চিক ৰাশি
কাইলৈ ৰবিযোগত ধন লাভৰ সম্ভাৱনা আছে বৃশ্চিক ৰাশিৰ জাতকৰ। কাইলৈ আপুনি স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি লাভ কৰিব পাৰে আপুনি। মহাদেৱৰ আশীৰ্বাদ পাব পাৰে বৃশ্চিক ৰাশিৰ জাতকে। বন্ধুৰ পৰা সুখবৰ লাভ কৰিব পাৰে। নিজৰ কেৰিয়াৰ সংক্ৰান্তীয় কোনো ডাঙৰ সিদ্ধান্ত ল’ব পাৰে।
মীন ৰাশি
কাইলৈ বৰিয়ান যোগৰ শুভ প্ৰভাৱ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত। কাইলৈ হঠাৎ অৰ্থ লাভ কৰিব পাৰে আপুনি। উত্তৰাধিকাৰ সূত্ৰে কাইলৈ সম্পত্তি লাভৰো যোগ আছে। কাৰ্যালয়ত কোনো সুখবৰ পাব পাৰে আপুনি। পুৰণা কোনো অসুখ থাকিলে মুক্তি লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে কাইলৈ অতিৰিক্ত কামৰ দায়িত্ব লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ