অসম লাইভ ২৪ঃ ‘প্ৰিঞ্চিপালিটি অৱ হাট ৰিভাৰ’- বিশ্বৰ আকৰ্ষণ তথা কৌতুহলৰ কেন্দ্ৰবিন্দু৷ ক্ষুদ্ৰতম আয়তনৰ এখন স্ব-ঘোষিত দেশ ‘প্ৰিঞ্চিপালিটি অৱ হাট ৰিভাৰ’৷ ২৬ গৰাকী জনসংখ্যাৰে এখন অতি ক্ষুদ্ৰ দেশ৷ অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্গত এই ক্ষুদ্ৰ দেশখনৰ আয়তন ৭৫ বৰ্গ কিলোমিটাৰ৷ দেশখনৰ আছে নিজস্ব মুদ্ৰা, পাৰ্চপ’ৰ্ট, ভিচা৷ ৫১ বছৰ পূৰ্বে এটি বিশেষ কাৰণত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দেশ ঘোষণা কৰিছিল লিঅ’নাৰ্ড ক্যেচেল নামৰ এগৰাকী ব্যক্তিয়ে৷ অন্যান্য দেশসমূহৰ দৰেই সকলো সুবিধা তথা ব্যৱস্থা আছে দেশখনত৷ সম্প্ৰতি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে দেশখন৷ কিন্তু অন্য দেশে ‘দেশ’ হিচাপে বৰ্তমানেও স্বীকৃতি প্ৰদান কৰা নাই ‘প্ৰিঞ্চিপালিটি অৱ হাট ৰিভাৰ’ক৷ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ বিশেষ একো নাই দেশখনত, আছে এটা অফিচ, ৪-৫টা ঘৰ আৰু বাকী বিস্তৃত অঞ্চল খেতিপথাৰ৷ কিন্তু এটি স্বতন্ত্ৰ ইতিহাসৰ সাক্ষী এই দেশখন৷ সেয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে দেশখন চাবলৈ৷ অষ্ট্ৰেলিয়াৰ হাট নদীৰ তীৰত অৱস্থিত দেশখনৰ অস্তিত্ব সম্প্ৰতি বিপদাপন্ন৷ অস্তিত্ব ৰক্ষাৰ যুঁজত যুঁজিছে দেশখনৰ নাগৰিকে৷ কেৱল ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথে প্ৰেৰণ কৰা এখন চিঠিয়েই দেশখনৰ বাবে একমাত্ৰ ভৰসা হৈ পৰিছে৷ উল্লেখ্য, ১৯৭০ চনত ২১ এপ্ৰিলত দেশখনৰ স্বাধীনতা উপলক্ষে ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথক আমন্ত্ৰণ জনাইছিল৷ ৰাণী এলিজাবেথ অনুষ্ঠানত উপস্থিত থকা নাছিল যদিও এখন চিঠি প্ৰেৰণ কৰি শুভেচ্ছা জনাইছিল ‘প্ৰিঞ্চিপালিটি অৱ হাট ৰিভাৰ’ৰ ৰজা লিঅ’নাৰ্ড ক্যেচেলক৷ সেই চিঠিৰ টুকুৰাটোৱেই সম্প্ৰতি দেশখনৰ একমাত্ৰ ভৰসা হৈ পৰিছে দেশবাসীৰ বাবে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ