ডিজিটেল ডেস্কঃ প্ৰিয়ংকা চোপ্ৰাৰ ঘৰত আকৌ বিয়া। পৰিণিতি চোপ্ৰাৰ পাছত আকৌ বিয়া ওলাইছে প্ৰিয়ংকা চোপ্ৰাৰ ঘৰত। এইবাৰ বিয়াৰ পাল প্ৰিয়ংকাৰ কনিষ্ঠ ভগ্নী মীৰা চোপ্ৰাৰ। বিগ বছ-১৭ত ভৰ্তি হৈ আগতকৈ অধিক জনপ্ৰিয় হৈ পৰা মীৰা চোপ্ৰাৰ বিয়া অচিৰেই সম্পন্ন হ’ব। এই কথা নিজেই ৰাজহুৱা কৰিছে মীৰা চোপ্ৰাই।
মীৰা চোপ্ৰাৰ আহিবলগীয়া ছবি ‘ছফেদ’ৰ হৈ প্ৰচাৰৰ কামত ব্যস্ত হৈ থকাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে নিজৰ বিয়াৰ কথা ৰাজহুৱা কৰে। অভিনেত্ৰীগৰাকীয়ে সদৰি কৰা মতে, বিয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতি ইতিমধ্যে ঘৰত আৰম্ভ হৈছে। প্ৰিয়ংকা আৰু পৰিণিতিৰ দৰেই মীৰা চোপ্ৰাৰ বিয়াও ৰাজস্থানতে সম্পন্ন হব বুলি জানিব পৰা গৈছে।
মীৰা চোপ্ৰাৰ দৰা কোন? অভিনেত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি, তেওঁৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্কত থকা প্ৰেমিকৰ সৈতে তেওঁ ২০২৪ত বিবাহ সম্পন্ন হোৱাটো একপ্ৰকাৰৰ খাটাং। অৱশ্যে দিন-বাৰ ঠিক হোৱা নাই যদিও ৰাজস্থানত সীমিত সংখ্যক অতিথিৰ উপস্থিতিত বিবাহ অনুষ্ঠান সম্পন্ন হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ