ধনেৰে ঘৰ ভৰি থকা বিচাৰে যদি পুহ মাহৰ পূৰ্ণিমাৰ দিনা কৰক এই কাম
সনাতন ধৰ্মত প্ৰতিটো পূৰ্ণিমা আৰু অমাৱস্যাক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই দুয়ো দিনতে পবিত্ৰ নদীত স্নান আৰু দান-বৰঙণি কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি এইবাৰ পুহ মাহৰ পূৰ্ণিমা ১৩ জানুৱাৰীত হ’ব। ১৩ জানুৱাৰীৰ পুৱা ৫.০৩ বজাৰ পৰা আৰম্ভ হ’ব আৰু ১৪ জানুৱাৰীৰ পুৱা ৩.৫৬ বজাত শেষ হ’ব তিথি। এই পূৰ্ণিমাৰ দিনৰে পৰা প্ৰয়াগৰাজতো ১২ বছৰৰ মূৰকত আৰম্ভ হ’ব মহাকুম্ভ।
জ্যোতিষীসকলৰ মতে পুহ মাহৰ পূৰ্ণিমাৰ দিনা পবিত্ৰ নদীত স্নান কৰি মানুহে সকলো বিপদৰ পৰা মুক্তি লাভ কৰে আৰু লগতে মনৰ সকলো ইচ্ছা পূৰণ হয়। এই দিনটোত কিছুমান বিশেষ কামো কৰা হয়, যি কৰিলে পূণ্য লাভ কৰা হয় বুলিও মান্যতা আছে।
হালধীৰে স্বস্তিক চিহ্ন
পুহৰ পূৰ্ণিমাৰ দিনা পুৱা সোনকালে উঠি মূল প্ৰৱেশদ্বাৰত হালধীৰে স্বস্তিক চিহ্ন বনাওক। ইয়াৰ পিছত নিৰ্ধাৰিত পদ্ধতিৰে ভগৱান বিষ্ণুক পূজা কৰিক। তেওঁৰ ১২টা নাম অচ্যুত, অনন্ত, দামোদৰ, কেশৱ, নাৰায়ণ, শ্ৰীধৰ, গোবিন্দ, মাধৱ, হৃষিকেশ, ত্ৰিবিক্ৰম, পদ্মনাভ আৰু মধুসুদন নাম জপ কৰি তেওঁক হালধীয়া ফুল আগবঢ়াওক। এনে কৰিলে ঘৰৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হৈ পৰে।
হালধীয়া ৰঙৰ কাপোৰ দান
সমাজত সন্মান অৰ্জন কৰিবলৈ পুহৰ পূৰ্ণিমাৰ দিনা আৰ্তজনক হালধীয়া ৰঙৰ কাপোৰ দান কৰক। মানসিক শান্তি পাবলৈ এই দিনটোত ৰঙা কাপোৰ এখনত ভাগৱত ৰাখক আৰু ১১ বাৰ ‘অম নমো ভাগৱতে বাসুদেৱায় নম’ মন্ত্ৰ জপ কৰক। তাৰ পিছত চকুত গীতা লগাব। এনে কৰিলে ইতিবাচক শক্তি শৰীৰ আৰু মনলৈ সঞ্চাৰিত হয়।
ঘৰতে হোম কৰক
পুহৰ পূৰ্ণিমাৰ দিনা ঘৰত হোমৰ আয়োজন কৰিব লাগে। এই সময়ত ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীক পূজা কৰি তাৰ পিছত পৰিয়ালৰ সৈতে হোমৰ জুইত প্ৰসাদ আগবঢ়াব লাগে। হোম সুগন্ধি আৰু ধোঁৱাৰ দ্বাৰা ঘৰৰ সমগ্ৰ পৰিৱেশ বিশুদ্ধ হৈ পৰে। ইয়াৰ ফলত মনলৈ অপৰিসীম শান্তি আহে আৰু আত্মবিশ্বাস বাঢ়ে। লগতে ঘৰ খনৰ আয় বৃদ্ধি পায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ