অতিকে শোকাৱহ, নদী দলং ভাঙি উটি গ’ল ৩০, কেইজনৰে সলিল সমাধি হোৱাৰ আশংকা
মহাৰাষ্ট্ৰৰ পুনেত আজি দেওবাৰে ১৫ জুনৰ সন্ধিয়া সংঘটিত হয় এক বৃহৎ তথা শোকাৱহ দুৰ্ঘটনা। ইন্দ্ৰায়নী নদীৰ ওপৰত নিৰ্মিত দলংখনৰ আধা অংশ ভাঙি যায়। দলংখন ভাঙি পৰাৰ সময়ত দলংখনৰ ওপৰত বহু লোক উপস্থিত আছিল।
আশংকা কৰা হৈছে যে প্ৰায় ২৫ৰ পৰা ৩০জন লোক নদীত উটি গৈছে। ইয়া উপৰি দুজন লোকৰ নিথৰ দেহ উদ্ধাৰ হৈছে। আশংকা কৰা অনুসৰি, নদীত উটি যোৱা কেউজন লোকৰেই সলিল সমাধি ঘটে।
পুনেৰ মাভালৰ কুণ্ড মলত থকা দলংখন ভাঙি পৰাৰ বাবেই একাংশ পৰ্যটকৰ পানীত উটি যায়। জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে প্ৰায় ৩.৪০ মান বজাত।
দলংখন সৰি পৰা অংশত উপস্থিত আছিল শিল। শিলৰ ওপৰত পৰি যোৱা সকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। একে সময়তে নদীৰ সোঁতত উটুৱাই লৈ গৈছে বহু লোক।
উল্লেখ্য যে, আজি দেওবাৰ হোৱাৰ বাবে তাত বহু সংখ্যক পৰ্যটক উপস্থিত আছিল। কিছুমান মানুহে দলঙৰ ওপৰত থিয় হৈ ফটো ক্লিক কৰি আছিল। কিমানজন লোক পানীত ডুব গৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
প্ৰাথমিক তথ্য অনুসৰি প্ৰায় ২০ৰ পৰা ২৫জন লোক পানীত ডুব গৈছে। সেই স্থানত উপস্থিত আছিল প্ৰায় ২০০ পৰ্যটক। দুৰ্ঘটনাটোৰ পিছত সকলোকে স্থানৰ পৰা আঁতৰাই দিয়া হৈছে যাতে উদ্ধাৰ অভিযানত কোনো সমস্যা নহয়।
বহু শিশুৱেও পৰিয়ালৰ সৈতে বন্ধৰ দিন উদযাপন কৰিবলৈ এই দলংখনত উপস্থিত হৈছিল। ইয়াত এটা মন্দিৰো আছে, য’ত বৃহৎ সংখ্যক লোকে দৰ্শন কৰিবলৈ আহে। সম্প্ৰতি এন ডি আৰ এফৰ দুটা দল সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। কোৱা হৈছে যে ইতিমধ্যে জৰাজীৰ্ণ এই দলংখনতো একাংশ লোক বাইক লৈ আহিছিল। দলংখনে বিশেষ ওজন সহ্য কৰিব নোৱাৰি ভাঙি যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















