৮ জুলাইত নক্ষত্ৰ পৰিবৰ্তন কৰিছে ৰাহুৱে৷ ১৬ মাৰ্চ ২০২৫ পৰ্যন্ত উত্তৰা ভাদ্ৰপদ নক্ষত্ৰত ৰাহুৰ গোচৰ হ’ব৷ এই নক্ষত্ৰৰ অধিপতি শনি৷ ৰাহু আৰু শনিৰ মাজত বৰ্তমান বন্ধুত্বৰ সম্পৰ্ক আছে৷ এই পৰিস্থিতিত শনিৰ প্ৰভাৱত ৰাহুৰ শক্তি ১০ গুণ বৃদ্ধি পাইছে৷ বৰ্তমান শনি বৃহস্পতি নক্ষত্ৰ পূৰ্বাভাদ্ৰপদত উপস্থিত হৈছে৷ অন্যহাতে ৰাহুৱে উত্তৰা ভাদ্ৰপদত বিচৰণ কৰিছে৷ এই দুই গ্ৰহৰ শুভ নক্ষত্ৰত উপস্থিতি আৰু শনিৰ প্ৰভাৱত ৰাহুৰ শক্তি বৃদ্ধি বেছ কিছু ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী৷ শক্তিশালী ৰাহু আগন্তুক বছৰ পৰ্যন্ত তিনি ৰাশিৰ উন্নতি আৰু সাফল্যৰ পথ প্ৰশস্ত কৰিব৷ কোন কোন ৰাশিৰ জাতকৰ বাবে এই সময় শুভ?
তুলা ৰাশি
এই নক্ষত্ৰৰ ষষ্ঠ স্থানত ৰাহুৰ গোচৰ হৈছে৷ তুলা ৰাশিৰ জাতকে দুৰ্দান্ত লাভ অৰ্জন কৰিব পাৰিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব৷ ধনলাভৰ প্ৰৱল যোগ তৈয়াৰ হব৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ থকা জাতকে লাভ অৰ্জন কৰিব পাৰিব৷ ৰাজনীতি, আৰক্ষী, সেনা, ক্ৰীড়াক্ষেত্ৰৰ সৈতে যুক্তসকলে নিজৰ প্ৰতিদ্বন্দীক পৰাজিত কৰি সাফল্য চিৰি বগাব৷ সন্তানৰ পৰাও সু সংবাদ পাব পাৰে৷ বেকাৰত্ব দূৰ হ’ব৷ নতুন চাকৰিৰ সন্ধানত থকাসকলে চাকৰি পাব৷ ৰাহুৰ প্ৰভাৱত তুলা ৰাশিৰ জাতক চালাক চতুৰ হৈ উঠিব৷ ইয়াৰ ফলত সমস্ত ক্ষেত্ৰত সাফল্য অৰ্জন কৰিব৷ আইনী গোচৰত সাফল্য লাভ কৰিব৷ ঋণমুক্ত হৈ উঠিব এই ৰাশিৰ জাতক৷ বাহন, সম্পত্তি ক্ৰয়ৰ সপোন পূৰণ হ’ব৷ ইমান দিন যিসকলে ঋণ পোৱা নাছিল তেওঁলোকে ৰাহুৰ প্ৰভাৱত সহজে ঋণ লাভ কৰিব৷ সমস্ত সমস্যাৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে৷
মকৰ ৰাশি
ৰাহু এই নক্ষত্ৰৰ পৰাক্ৰম অৰ্থাৎ তৃতীয় স্থানত গোচৰ কৰিছে৷ ইয়াৰোপৰি একাদশ স্থানত বৃহস্পতি, ৰাহু আৰু শনিৰ দৃষ্টি পৰিব৷ শক্তিশালী ৰাহুৱে মকৰ ৰাশিৰ জাতকৰ জীৱনত শুভ প্ৰভাৱ বিস্তাৰ কৰিব৷ কোষ্ঠীত ৰাহুৰ মহাদশা থাকিলে শনিয়ে এই ৰাশিৰ জাতকক লাভ প্ৰদান কৰিব৷ এই ৰাশিত শনিৰ দশা শেষ পৰ্যায়ত চলি আছে৷ এই পৰিস্থিতিত শনিয়েও শুভ ফল প্ৰদান কৰিব৷ ৰাহুৰ প্ৰভাৱত এই ৰাশিৰ জাতক অত্যন্ত দূৰদৰ্শী, চতুৰ আৰু চালাক লৈ উঠিব৷ সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ ইয়াৰোপৰি উচ্চাকাংশা বাঢ়িব৷ বিদেশ যাত্ৰাৰ পৰিকল্পনাত সফল হ’ব৷ বিদেশৰ পৰা লাভৰ সম্ভাৱনা আছে৷ শিল্পকলাৰ ক্ষেত্ৰত জড়িত জাতকৰ বাবে এই সময় শুভ৷
কুম্ভ ৰাশি
এই ৰাশিৰ ধনস্থানত উপস্থিত হৈছে ৰাহু৷ এই পৰিস্থিতিত কুম্ভ ৰাশিৰ জাতক বিশেষভাৱে লাভাম্বিত হ’ব৷ লগ্ন স্থানত উপস্থিত হৈ শনিয়ে প্ৰচুৰ লাভৰ সুযোগ লাভ কৰিব৷ চৰকাৰী কামত সাফল্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ পাবলগীয়া ধন লাভ কৰিব৷ ৰাহুৰ দৃষ্টি কুম্ভৰ জাতকৰ অষ্টম কক্ষত পৰিব৷ এই সময়ত প্ৰচুৰ ধনলাভ কৰিব৷ সমস্ত ক্ষেত্ৰত সাফল্য লাভৰ যোগ আছে৷ কেৰিয়াৰত প্ৰচুৰ লাভ অৰ্জন কৰিব এই ৰাশিৰ জাতকে৷ আইনী গোচৰত সাফল্য লাভ সম্ভৱ৷ ভৱিষ্যতে কোনো ঘটনা ঘটিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















