অসম লাইভ২৪ঃ মে মাহত একাধিক গ্ৰহই ৰাশি পৰিবৰ্তন কৰিছে৷ এই মাহত শনি, শুক্ৰ, সূৰ্যই নক্ষত্ৰ পৰিবৰ্তন কৰিছে৷ ইয়াৰোপৰি নক্ষত্ৰ সলনি কৰিছে ৰাহুৱেও৷ মে মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ ৬মেত ৰেবতী নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত ৰাহু প্ৰৱেশ কৰিছে৷ সমস্ত ৰাশিৰ জাতকৰ ওপৰত ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তনৰ প্ৰভাৱ পৰিব৷ ১২ ৰাশিৰ মাজত কেইটামান ৰাশিৰ জাতক নক্ষত্ৰৰ গোচৰৰ দ্বাৰা লাভৱান হ’ব৷ ধন লাভৰ ওপৰিও পদ-প্ৰতিষ্ঠা বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে৷ ৰাহুৰ ৰেৱতী নক্ষত্ৰৰ প্ৰৱেশৰ ফলত কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব?
মেষ ৰাশি
মেষ জাতকৰ বাবে ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন লাভজনক প্ৰমাণিত হ’ব৷ এই সময়ত আপোনাৰ সমস্ত মনোকামনা পূৰণ হ’ব৷ বাহন, সম্পত্তি ক্ৰয় কৰিব পাৰিব৷ সুখ-সুবিধা লাভ কৰিব এই ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ একাধিক চেলেঞ্জৰ মোকাবিলা কৰিব পাৰিব৷ মান-সন্মান বাঢ়িব৷ দাম্পত্য জীৱন অসাধাৰণ হ’ব৷ জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব৷
বৃষ ৰাশি
ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন বৃষ ৰাশিৰ জাতকৰ বাবে শুভ৷ আপোনাৰ সুখ সুবিধা বাঢ়িব৷ আকস্মিক ধন লাভৰ যোগ আছে৷ এই ৰাশিৰ যিসকল চাকৰিয়াল জাতক আছে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা৷ ইয়াৰোপৰি এই সময়ত আপোনাৰ বাণীৰ প্ৰভাৱ বাঢ়িব৷ আপোনাৰ বাকচাতুৰ্যতাৰ কাৰণে সকলোৱে আপোনাৰ প্ৰতি আকৃষ্ট হ’ব৷ নতুন ব্যৱসায় চাকৰিত যোগদানৰ বাবে আজিৰ দিনটো শুভ৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ ব্যৱসায়ীৰ হাতলৈ ধন আহিব৷
মকৰ ৰাশি
ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন মকৰ ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদতকৈ কম নহয়৷ ৰাহুৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশৰ ফলত অসাধাৰণ হাৰত আয় বৃদ্ধি পাব৷ কেৰিয়াৰত দুৰ্দান্ত সাফল্য অৰ্জন কৰিব পাৰে৷ ব্যৱসায়ত মুনাফা অৰ্জন কৰিব পাৰে৷ ব্যৱসায়ীসকলে কোনো ডাঙৰ চুক্তিত স্বাক্ষৰ কৰিব পাৰে৷ ইয়াৰ দ্বাৰা ভৱিষ্যতে লাভাম্বিত হ’ব৷ লগ্নিৰ দ্বাৰা মুনাফা লাভ সম্ভৱ৷ মান-সন্মান বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ