অসম লাইভ ২৪ঃ টুইটাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বিগত কিছুদিন ধৰি চলি আছে সংঘাত। শনিবাৰৰ দিনটোত দেশৰ উপ-ৰাষ্ট্ৰপতিকে ধৰি আৰ এছ এছ প্ৰধান মোহন ভাগৱত আৰু কেইবাগৰাকীও আৰ এছ এছ নেতাৰ টুইটাৰ একাউণ্টৰ পৰা টুইটাৰে আঁতৰাইছিল ব্লুটিক। নেতাকেইগৰাকীৰ একাউণ্ট আনভেৰিফাইড কৰাৰ বাবে গৰজি উঠিছিল বিজেপি কর্মী। এতিয়া এই সন্দর্ভত মাত মাতিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। দেওবাৰে টুইটাৰত ৰাহুল গান্ধীয়ে লিখে- ‘ব্লুটিকৰ পাছত লাগি আছে মোদী চৰকাৰ। কোভিড ভেকচিন লাগিলে আত্মনির্ভৰ হওক।’ ৰাহুল গান্ধীৰ এই টুইটে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি টুইটাৰত ৰাহুল গান্ধীয়ে তীক্ষ্ন সমালোচনা কৰি আহিছে মোদী চৰকাৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ