ৰে’লৱে নিযুক্তি ব’ৰ্ডে এনটিপিচি স্নাতক পৰ্যায়ৰ নিযুক্তি ২০২৬ৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰিছে। প্ৰথমে আবেদন প্ৰক্ৰিয়া ১৩ নৱেম্বৰত শেষ হোৱাৰ কথা আছিল যদিও এতিয়া প্ৰাৰ্থীসকলক প্ৰ-পত্ৰ পূৰণ আৰু আবেদন মাচুল জমা দিবলৈ অতিৰিক্ত সময় দিয়া হৈছে, ২০২৬ চনৰ ১৫ নৱেম্বৰলৈকে।এই নিযুক্তিয়ে মুঠ ১,৬৮৮টা পদ পূৰণ কৰিব বিভিন্ন ৰে’ল বিভাগত।
১৬৮৮টা পদৰ বাবে নিযুক্তি
এই আৰ আৰ বি নিযুক্তিয়ে চাৰিটা ভিন্ন পদ পূৰণ কৰিব। পদ অনুসৰি খালী পদৰ সবিশেষ তলত দিয়া ধৰণৰ।
বাণিজ্যিক সহ টিকট কেৰাণী – ৭০০ পদ
জুনিয়ৰ ক্লাৰ্ক সহ টাইপিষ্ট – ৬০০ পদ
একাউণ্টছ ক্লাৰ্ক সহ টাইপিষ্ট – ২০০ টা পোষ্ট
ৰে’ল কেৰাণী – ১৮৮টা পদ
মুঠ পদ -১,৬৮৮
১৫ নৱেম্বৰলৈকে আবেদন কৰিব পাৰিব
যিসকল প্ৰাৰ্থীয়ে এতিয়াও আবেদন কৰা নাই, তেওঁলোকে এই বৰ্ধিত তাৰিখৰ সুবিধা লৈ প্ৰ-পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থীসকলে আৰ আৰ বিৰ অফিচিয়েল ৱেবছাইট rrbapply.gov.in ত গৈ অনলাইন আবেদন কৰিব লাগিব। আবেদনৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ, ২০২৬।এই তাৰিখৰ ভিতৰত মাচুলও পৰিশোধ কৰিব লাগিব।
অনলাইন আবেদন কেনেকৈ পূৰণ কৰিব
- প্ৰথমে অফিচিয়েল ৱেবছাইট rrbapply.gov.in লৈ যাওক।
- হোমপেজত NTPC Recruitment 2026 ৰ বাবে আবেদন লিংকত ক্লিক কৰক।
- নতুন প্ৰাৰ্থীয়ে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
- পঞ্জীয়নৰ পিছত লাভ কৰা লগইন আইডি আৰু পাছৱৰ্ডৰ সৈতে লগইন কৰক।
- আবেদন পত্ৰত বিচৰা সকলো তথ্য পূৰণ কৰক।
- প্ৰয়োজনীয় নথিপত্ৰসমূহ স্কেন আৰু আপলোড কৰক।
- নিৰ্ধাৰিত আবেদন মাচুল দি প্ৰ-পত্ৰ জমা দিব।
- আবেদন পত্ৰৰ প্ৰিন্টআউট লৈ ভৱিষ্যতে ব্যৱহাৰৰ বাবে সুৰক্ষিত ৰাখক।
কোনে আবেদন কৰিব পাৰে?
এই নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ বয়স কমেও ১৮ বছৰ আৰু সৰ্বাধিক ৩০ বছৰ হ’ব লাগিব। ১ জানুৱাৰী, ২০২৭ৰ পৰা বয়স নিৰ্ধাৰণ কৰা হ’ব।সংৰক্ষিত শ্ৰেণীসমূহক নিয়ম অনুসৰি উচ্চ বয়সৰ সীমাৰ পৰা ৰেহাই দিয়া হ’ব।
- জেনেৰেল আৰু ই ডব্লিউ এছ: ১৯৯৭ চনৰ ২ জানুৱাৰীৰ পৰা ২০০৯ চনৰ ১ জানুৱাৰীৰ ভিতৰত জন্ম।
- অ’বিচি (নন-ক্ৰিমী লেয়াৰ): ১৯৯৪ চনৰ ২ জানুৱাৰীৰ পৰা ২০০৯ চনৰ ১ জানুৱাৰীৰ ভিতৰত জন্ম।
- অনুসূচিত জাতি: ১৯৯২ চনৰ ২ জানুৱাৰীৰ পৰা ২০০৯ চনৰ ১ জানুৱাৰীৰ ভিতৰত জন্ম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















