অসম লাইভ২৪ঃ দুখ যেন শেষেই নহ’ব৷ প্ৰথমে মাতৃৰ বিয়োগ৷ তাৰপিছতেই স্বামী আদিলৰ অত্যাচাৰ৷ স্বামী আদিল ডুৰানীৰ অত্যাচাৰৰ পৰা মুক্তি বিচাৰি আদালতৰ কাষ চাপিছিল অভিনেত্ৰী ৰাখী ছাৱন্ত৷ ৰাখীয়ে আদালতত স্বামী আদিলৰ বিৰুদ্ধে দিছিল কেইবাটাও গোচৰ৷ ৰাখীৰ গোচৰৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আদিল ডুৰানীক৷
ৰাখীয়ে শেহতীয়া বাবে তেওঁৰ বান্ধৱী শ্বাৰলিন চোপ্ৰাক লগত লৈ স্বামীগৃহলৈ যাত্ৰা কৰিছে ৰাখীয়ে৷ মাইছুৰত থকা স্বামীগৃহত উপস্থিত হৈ সৰগ ভাঙি পৰিল ৰাখী স্বাৱন্তৰ মূৰত৷ কোটি টকীয়া ব্যৱসায়ী বুলি পৰিচয় দিয়া আদিল প্ৰকৃততে এটা ড্ৰাইভাৰহে৷ আদিল পেছাত এজন বাছ চালক৷ আদিলে ৰাখীৰ আগত দিয়া পৰিচয় সম্পূৰ্ণ মিছা৷ কেৱল পেছাক লৈয়েই আদিলে মিছাকৈ কৈছিল তেনে নহয় যৌন জীৱনক লৈয়ো বহু মিছা কথা কৈছিল আদিলে৷
আদিল প্ৰকৃততে বায়ছেক্সুৱেল৷ আদিলৰ কোনো অট্টালিকা নাই তাৰ পৰিবৰ্তে আদিলে বাস কৰে মইছুৰৰ এটা বস্তি এলেকাতহে৷ ৰাখীয়ে এই সন্দৰ্ভত কয় যে, ‘দৰিদ্ৰ হোৱাত মোৰ কোনো অসুবিধা নাই৷ কিন্তু আদিলে মোক সকলোবোৰ পৰিচয়ে ভুৱা দিছে৷’ উল্লেখ্য যে আদিলৰ বিৰুদ্ধে কেইদিনমান পূৰ্বে এগৰাকী ইৰাণী মহিলাইয়ো ধৰ্ষণৰ গোচৰ আনিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ