প্ৰতি বছৰে ৰাখীবন্ধন উৎসৱ পালন কৰা হয়। এইবাৰ ৰাখীবন্ধনৰ ২৭ আগষ্ট নে ২৮ আগষ্টত পালন কৰিব তাকে লৈ বহুতে বিভ্ৰান্ত হৈ পৰিছে। এইবাৰ ৰাখীত চন্দ্ৰগ্ৰহণৰ ছাঁ পৰিব, আৰু ২৭ আগষ্টৰ পৰাও পূৰ্ণিমা আৰম্ভ হ’ব, যাৰ বাবে মানুহ বিমোৰত পৰিছে।
ৰাখী বন্ধন কেতিয়া?
হিন্দু পঞ্জিকা অনুসৰি ২৭ আগষ্টৰ পৰা পুৱা ৯:০৯ বজাৰ পৰা আৰম্ভ হয়। এই তাৰিখ ২৮ আগষ্টৰ পুৱা ৯:৪৮ বজাত শেষ হ’ব। গতিকে বৃদ্ধি পোৱা তাৰিখ বিবেচনা কৰি ২৮ আগষ্ট শুকুৰবাৰে উদযাপন কৰা হ’ব ৰাখী বন্ধন।
ইতিহাস
মহাভাৰতত আছে কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাত প্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে। এই কাৰ্যত কৃষ্ণ অভিভূত হৈ যায়। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দ্ৰৌপদীক কৌৰৱৰ ৰাজসভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওঁতে কৃষ্ণই দ্ৰৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল। কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হ’ল।
আন এটি গল্পৰ মতে— দৈতৰাজ বলি বিষ্ণুৰ ভক্ত আছিল। বিষ্ণুয়ে বৈকুণ্ঠ এৰি বলিৰ ৰাজ্য ৰক্ষা কৰিবলৈ আহে। বিষ্ণুৰ স্ত্ৰী লক্ষ্মী দেৱীয়ে স্বামীক পুনৰ ঘূৰাই নিবৰ বাবে এজনী সাধাৰণ মহিলাৰ ৰূপ ধৰে। লক্ষ্মী দেৱীয়ে বলিক কয় যে যোৱা বহু দিনৰ পৰা তেওঁৰ স্বামী নিৰুদ্দেশ, তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় তেতিয়ালৈকে যাতে বলিয়ে তেওঁৰ ঘৰত এই দুখীয়া মহিলাগৰাকীক থাকিবলৈ দিয়ে। বলিৰজাই ছদ্মবেশী লক্ষ্মী দেৱীক আশ্ৰয় দিবলৈ ৰাজি হ’ল। শাওণ মাহৰ পূৰ্ণিমা উৎসৱ লক্ষ্মী দেৱীয়ে বলি ৰজাৰ হাতত ৰাখী বান্ধি দিয়ে। সাধাৰণ মহিলাগৰাকীয়ে বলি ৰজাৰ হাতত ৰাখী বন্ধাৰ কাৰণ সুধোঁতে লক্ষ্মী দেৱীয়ে নিজৰ আত্ম পৰিচয় দিলে আৰু সকলো কথা বলি ৰজাৰ আগত বিৱৰি ক’লে। তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুণ্ঠলৈ যাবলৈ অনুৰোধ জনায়। বহু লোকৰ মতে সেই কাৰণেও ৰাখীবন্ধন পালন কৰা হয়।
ঐতিহাসিক প্ৰসংগ অনুসৰি
ৰাণী কৰ্ণৱতী আৰু সম্ৰাট হুমায়ুন
ৰাজপুতসকল যেতিয়া যুদ্ধৰ বাবে ওলায় তেতিয়া তেওঁলোকৰ স্ত্ৰীয়ে যুঁজাৰুসকলৰ মূৰত তিলক লগাইছিল আৰু হাতত ৰেচমৰ সূতা এঠাল বান্ধি দিছিল। তেওঁলোকে এই সূতা ডালক বিশ্বাস কৰিছিল যে এই সূতা ডালেই তেওঁলোকৰ স্বামীক বিজয়ীৰ লগতে যুদ্ধৰ পৰা জীৱিত ৰূপত ঘৰলৈ আনিব।
এটা জনপ্ৰিয় গল্প অনুযায়ী, চিতোৰৰ ৰাণী কৰ্ণৱতীয়ে ১৫৩৫ খ্ৰীষ্টাব্দত গুজৰাটৰ ৰজা চুলতান বাহাদুৰ শ্বাহে চিতোৰ আক্ৰমণ কৰিলে, বিধবা ৰাণী কৰ্ণৱতীয়ে অসহায় বোধ কৰিলে আৰু মোগল সম্ৰাট হুমায়ুনলৈ এডাল ৰাখী পঠাই দিয়ে আৰু তাইক সহায় কৰিবলৈ প্ৰৰ্থনা কৰে। ৰাণী কৰ্ণৱতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে। হুমায়ুনৰ সৈন্যয়ে চিতোৰ ৰক্ষা কৰি দিয়ে।
মহামতি আলেকজেণ্ডাৰ আৰু পুৰু ৰজা
এটা কিংবদন্তী অনুযায়ী, ৩২৬ খ্ৰীষ্টপূৰ্বত মহামতি আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিলে। আলেকজেণ্ডাৰৰ স্ত্ৰীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়ায় আৰু তেওঁক অনুৰোধ জনায় যে আলেকজেণ্ডাৰৰ যেন ক্ষতি নকৰে। আৰু পুৰু ৰজাই হাতত বন্ধা ৰাখী ডালক সন্মান কৰি আলেকজেণ্ডাৰক জীৱন দান দিলে। কোনো কোনো লোকৰ বিশ্বাস যে তেতিয়াৰ পৰাই এই প্ৰথা প্ৰচলনহৈ আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















