শাস্ত্ৰ অনুসৰি চ’তৰ শুক্লা নৱমী তিথিত জন্ম হৈছিল শ্ৰীৰামচন্দ্ৰৰ৷ আজি পঞ্জিকামতে শুক্লা অষ্টমী তিথি৷ কিন্তু আজি পুৱা ১১ বাজি ৫০ মিনিটত অষ্টমী শেষ হৈ নৱমী পৰিছে৷ নৱমী থাকিব ২৭ মাৰ্চৰ পুৱা ১০ বাজি ৭ মিনিট পৰ্যন্ত৷ যিহেতু ৰামৰ জন্ম দুপৰীয়া হৈছিল বুলি ধাৰণা কৰা হয় সেই কাৰণেই বেছিভাগ স্থানতে বৃহস্পতিবাৰৰ দুপৰীয়াই হ’ব ৰাম নৱমীৰ পূজা৷ কোনো কোনো স্থানত উদয়া তিথি মানি ২৭ মাৰ্চ শুক্ৰবাৰেই হ’ব ৰামনৱমীৰ পূজা৷
শাস্ত্ৰমতে ৰামৰ নাম জপ কৰিলে সকলো দুৰ্দশা দূৰ হয়৷ জন্মৰ পাছত তেওঁৰ এই নাম ৰাখিছিল ঋষি বশিষ্টই৷ এই নামত এনে এক শক্তি আছে যি মাত্ৰ তিনিবাৰ জপৰ ফলতেই সুফল লাভ হয়৷ বিষ্ণুৰ সপ্তম অৱতাৰ ৰামৰ পূজা কৰিলে জীৱনত উন্নতি আৰু সাফল্য পোৱা যায়৷ কোন কোন ৰাশিৰ জাতকৰ মূৰত সৰ্বদা ৰঘুবীৰৰ আশীৰ্বাদ থাকে জানি থওক৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক ৰঘুপতিৰ প্ৰিয়৷ জীৱনলৈ কোনো কষ্ট আহিলে স্বয়ং ৰামে তেওঁলোকক ৰক্ষা কৰে৷ এই ৰাশিৰ জাতকে সমাজত উচ্চস্থান লাভ কৰিব৷ কোনো ডাঙৰ সংকট বা সমস্যাত পৰিলে ৰাম নামৰ জোৰত তেওঁৰ সমস্ত সমস্যাৰ পৰা বাহিৰলৈ আহে৷ জীৱনত সফল আৰু জনপ্ৰিয় হয় মিথুন ৰাশিৰ জাতক৷
কৰ্কট ৰাশি
জ্যোতিষ গণনা অনুসৰি কৰ্কট ৰাশিৰ জাতক ৰামৰ অত্যন্ত প্ৰিয়৷ ৰামৰ আশীৰ্বাদত সৰ্বদা সৌভাগ্য লাভ কৰে এই ৰাশিৰ জাতকে৷ কেৱল সেয়াই নহয় নিজৰ কামেৰে জীৱনত জনপ্ৰিয়তা আৰু প্ৰতিষ্ঠা অৰ্জন কৰে৷ ৰামৰ কৃপাত কৰ্কট ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগ পাব৷ পৰিয়ালত সকলো সময়ত আনন্দৰ পৰিবেশ বৰ্তি থাকে৷
তুলা ৰাশি
জ্যোতিষ অনুসৰি তুলা ৰাশিৰ জাতকৰ ওপৰত ৰামৰ বিশেষ আশীৰ্বাদ আছে৷ এই ৰাশিৰ ওপৰত শুক্ৰৰ আধিপত্য থাকে৷ অত্যন্ত ধাৰ্মিক এই ৰাশিৰ জাতকে ধৰ্মীয় আৰু সামাজিক কামৰ সৈতে যুক্ত থাকে৷ জ্যোতিষ অনুসৰি ৰামৰ কৃপাত ইয়াৰ ধৰ্মীয় শক্তি আৰু আধ্যাত্মিক জ্ঞান লাভ কৰে৷ যিয়ে তেওঁলোকক সঠিক পথ দেখুৱাই আৰু কঠিন পৰিস্থিতি মোকাবিলা কৰিবলৈ উৎসাহ দিয়ে৷
কুম্ভ ৰাশি
জ্যোতিষ অনুসৰি কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি৷ এই ৰাশিৰ জাতক পৰিশ্ৰমী৷ ৰামৰ আশীৰ্বাদত জীৱনত বৃহৎ সাফল্য লাভ কৰি থাকে তেওঁলোকে৷ আনকি কঠিন সময় আহিলেও ৰামৰ আশীৰ্বাদত কেতিয়াও ভাঙি নপৰে৷ কঠিন সময়ত কেনে পদক্ষেপ লোৱা উচিত সেয়া তেওঁলোকে ভালদৰেই জানে৷
মীন ৰাশি
জ্যোতিষ অনুসৰি মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি৷ শাস্ত্ৰমতে এই ৰাশিৰ জাতকৰ ওপৰত সৰ্বদা ৰামৰ আশীৰ্বাদ থাকে৷ আনকি তেওঁৰ কৃপাত নিজৰ জীৱনলৈ বহু ধন আৰু সমৃদ্ধি লাভ কৰিব পাৰে৷ সমাজত উচ্চপদ, যশ আৰু প্ৰতিষ্ঠা লাভ কৰিব পাৰে৷ কেতিয়াও উভতি চাব লগা নহয় তেওঁলোকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















