অসম লাইভ২৪ঃ বক্স অফিচত দুৰ্দান্ত সাফল্য। অস্কাৰৰ দৰে মঞ্চত বলীউডৰ বহু নামী-দামী অভিনেতাক পাছপেলাই উজলিছে দক্ষিণৰ অভিনেতা ৰামচৰণ। ‘RRR’ ছবিৰ ‘নাটু নাটু’ গীতে মৌলিক গীতৰ বাবে লাভ কৰিছে অস্কাৰ৷ কেৱল তেলেগু ছবিৰ জগততেই ৰামচৰণ জনপ্ৰিয় তেনে নহয়৷ তেওঁ এতিয়া দেশৰ লগতে বিদেশতো চৰ্চিত এটি নাম৷ কোটি কোটি অনুৰাগী ৰামচৰণৰ৷ সামাজিক মাধ্যমতো কেইবামিলিয়ন লোকে ফ’ল কৰে ৰামচৰণক৷ কিন্তু টুইটাৰত ৰামচৰণে কিমানক ফ’ল কৰে?
‘RRR’ৰ নাটু নাটু গীতে অস্কাৰ পোৱাৰ পিছতেই বাঢ়িছে ৰামচৰণৰ জনপ্ৰিয়তা৷ ‘RRR’ য়ে জনপ্ৰিয়তা বঢ়ালেও এই ছবি কৰাৰ পূৰ্বে ৰামচৰণে মগধীয়া, ধ্ৰুৱৰ দৰে ছুপাৰহীট ছবিত অভিনয় কৰিছে৷ টুইটাৰত ৰামচৰণৰ আছে ৩০ লাখ ফ’লৱাৰ্ছ৷ কিন্তু ৰামচৰণে টুইটযোগে কাক কাক অনুসৰণ কৰে? ৰামচৰণৰ টুইটাৰ একাউণ্টলৈ গ’লেই আপোনাৰো দৃষ্টিগোচৰ হ’ব এই কথা৷ ইমান লাখ লাখ ফ’লৱাৰ্ছ থাকিলেও ৰামচৰণে মাত্ৰ ৬ জন লোককহে ফ’ল কৰে৷

টুইটাৰত ৰামচৰণে যিসকলক ফ’ল কৰে তাৰ ভিতৰত আছে তেলেগু ছবিৰ জনপ্ৰিয় অভিনেতা চিৰঞ্জীৱী৷ চিৰঞ্জীৱী, ৰামচৰণৰ পিতৃ৷ ৰামচৰণৰ প্ৰিয় অভিনেতা বুলি ক’লেই প্ৰায়সময়তে তেওঁ পিতৃ চিৰঞ্জীৱীৰেই নাম লয়৷ শেহতীয়াভাৱে অস্কাৰ লাভ কৰাৰ পিছত ৰামচৰণে এক সাক্ষাৎকাৰত পিতৃ সম্পৰ্কত কৈছে, ‘আমি অস্কাৰ সলৈ দেশত উপস্থিত হওঁতে দেউতাই আমাক নিবলৈ দিল্লী এয়াৰপৰ্টলৈ আহিছিল৷ মোক লগ পাবলৈ দেউতাই কৰা হেঁপাহে মোক অস্কাৰতকৈও বেছি সুখ দিছে৷ হায়দৰাবাদত দেউতাক ৰ’বলৈ কৈছিলো যদিও তেওঁ ইমানেই উৎকণ্ঠিত হৈ আছিল যে দিল্লীলৈকে গুচি আহিছিল৷’

ৰামচৰণে দ্বিতীয়তে তেওঁৰ টুইটাৰ একাউণ্টত ফ’ল কৰে, ছবি পৰিচালক ৰাজামলীক৷ পৰিচালক ৰাজামলীও ৰামচৰণৰ অন্য এজন প্ৰিয় ব্যক্তি৷ ৰাজামলী সন্দৰ্ভত ৰামচৰণে কৈছিল, ‘মই ১৪ বছৰ পূৰ্বেই মগধীৰা নামৰ ছবিখন কৰিছিলো৷ মই ভাল পৰিচালকৰ সৈতে কাম কৰি ভালপাওঁ৷ ৰাজামলী সদায়ে মোৰ প্ৰিয় ছবি পৰিচালকৰ ভিতৰত এজন৷ ৰাজামলীয়ে মোক পৰিচয় দিছে৷ তেওঁৰ সৈতে কাম কৰাটো কোনো এখন বিদ্যালয়ত গৈ শিক্ষা লোৱাৰ দৰে কথা৷ মই দেউতাৰ পিছতেই সন্মান কৰা ব্যক্তিৰ তালিকাত সদায়ে তেওঁ আছে৷’

তৃতীয়তে ৰামচৰণে ফ’ল কৰে তেওঁৰ পত্নী উপাসনাক৷ পত্নীৰ প্ৰশংসাও বহুসময়ত কৰে ৰামচৰণে৷ ২০১২ চনত উপাসনাক বিয়া কৰাইছিল ৰামচৰণে৷ উপাসনাৰ পাছতেই চতুৰ্থতে ৰামচৰণে ফ’ল কৰে তেওঁৰ খুড়াক পৱন কল্যানক৷

পঞ্চমত আছে তেলেগু ছবি পৰিচালক শংকৰ সন্মুগম৷ পৰিচালক শংকৰ সন্মুগমৰ নতুন ছবি ‘আৰচি১৫’ ত অভিনয় কৰিছে ৰামচৰণে৷ এই ছবিয়েও ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিব বুলি আশাবাদী ৰামচৰণ৷ ৰাজনৈতিক থ্ৰিলাৰ ছবিখন কৰাৰ বহু পূৰ্বৰে পৰাই ৰামচৰণে পৰিচালক শংকৰক ফ’ল কৰি আহিছে৷ ৰামচৰণৰ এই ৰাজনৈতিক থ্ৰিলাৰ ছবিখনত ৰামচৰণৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে কিয়াৰা আদৱানীয়েও৷

ষষ্ঠতে ৰামচৰণে ফ’ল কৰে মহিন্দ্ৰা গোষ্ঠীৰ চেয়াৰমেন আনন্দ মহিন্দ্ৰাক৷ আনন্দ মহিন্দ্ৰাৰ সৈতে ৰামচৰণৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা হেতুকেই টুইটাৰত ৰামচৰণে ফ’ল কৰে আনন্দ মহিন্দ্ৰাক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















