অসম লাইভ২৪ঃ বিবাহৰ ৫ বছৰ পিছতো অনুষ্কা-বিৰাটৰ প্ৰেম অটুত আছে৷ বিৰাটৰ খেলসমূহৰ প্ৰায় প্ৰতিখনতেই অনুষ্কাই কন্যাৰ সৈতে গেলাৰীত বহি খেল উপভোগ কৰে৷ বলীউডৰ বিভিন্ন অনুষ্ঠানতো বিৰাট অনুষ্কাৰ সৈতে উপস্থিত থাকে৷ কিছুদিন পূৰ্বে মন্দিৰ, আশ্ৰম আদিতো দুয়ো একেলগে যোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল৷ সম্প্ৰতি এক অনুষ্ঠানত দুয়োকে একেলগে দেখা গৈছে৷ অনুষ্ঠানটোত একাংশ ফটোগ্ৰাফাৰে দুয়োকে ছবি তুলিবৰ বাবে ৰৈ দিবলৈ অনুৰোধ জনোৱাৰ এটা ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ফটোগ্রাফাৰকেইজনে অনুষ্কাক, ‘মিছেছ কোহলি’ বুলি চিঞৰি উঠিছিল৷
মিছেছ কোহলি বুলি কোৱাৰ লগে লগেই খঙত ফাঁটি পৰিল অনুষ্কা৷ কিন্তু কিয় ইমান খং উঠিল অনুষ্কাৰ? ফটোগ্ৰাফাৰৰ এই চিঞৰ শুনা মাত্ৰকেই অনুষ্কাই কৈ উঠিল, ‘ইমান চিঞৰ-বাখৰ কিয় কৰিছে? মই কাৰো কথাই বুজি পোৱা নাই৷ অকণ মনে মনে থাকক হে৷’ এই কথা কৈয়েই অনুষ্কাই বিৰাটক লৈ ৰেড কাৰ্পেটৰ পৰা আঁতৰি যায়৷ কিন্তু মিছেছ কোহলী শব্দটো কিয় সহ্য কৰিব নোৱাৰিলে অনুষ্কাই এই বিষয়টোক লৈ নেটিজেনে চৰ্চা চলোৱা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ