এতিয়া পশ্চিমবংগতো অপৰাধীৰ বিৰুদ্ধে এনকাউণ্টাৰৰ ঘটনা বৃদ্ধি পোৱা দেখা গৈছে। বাৰুইপুৰ, গাইঘাটা আৰু ধুলীয়ানৰ পিছত এইবাৰ ৰায়গঞ্জত আৰক্ষীৰ এনকাউণ্টাৰত নিহ*ত হৈছে এগৰাকী ১৩ বছৰীয়া নাবালিকাক ধ*ৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত দিলীপ ৰায়।
প্ৰায় এসপ্তাহ পূৰ্বে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। এগৰাকী নাবালিকাক ধ*ৰ্ষণ কৰি হ*ত্যা কৰাৰ অভিযোগ উঠিছিল অভিযুক্তৰ বিৰুদ্ধে। চাৰিদিন পূৰ্বে কুলিক বনাঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল কিশোৰীগৰাকীৰ উৱলি যোৱা মৃ*তদেহ। ঘটনাটোক লৈ অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। ৫ নৱেম্বৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্তৰ সন্ধান আৰম্ভ কৰে। মৃ*তদেহ উদ্ধাৰৰ পিছৰে পৰা অভিযুক্তক বিচাৰি অভিযান অব্যাহত আছিল। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সোমবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত গৌৰী গ্ৰাম পঞ্চায়ত এলেকাত অভিযান চলায় আৰক্ষীয়ে। সেই সময়তে অভিযুক্তই বিহাৰ সীমান্তৰ দিশে পলায়নৰ চেষ্টা চলাইছিল।
আৰক্ষী-অভিযুক্তৰ মাজত গু*লীয়াগু*লী
আৰক্ষীয়ে দিলীপ ৰায়ক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে অভিযুক্তই আৰক্ষীলৈ লক্ষ্য কৰি গু*লীচালনা কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গু*লীচালনা কৰে। এই গু*লীয়াগুলীৰ ফলত অভিযুক্ত দিলীপ ৰায় নি*হত হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা 9mm পিষ্টল উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে। আৰক্ষীৰ তথ্য অনুসৰি, যোৱা মঙলবাৰে ১৩ বছৰীয়া কিশোৰীগৰাকী চাইকেলেৰে ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হৈ পৰিছিল। ইয়াৰ তিনিদিন পিছত উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃ*তদেহ। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগ দাখিল কৰে।
পশ্চিম বংগত শেহতীয়াকৈ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযানক লৈ ব্যাপক চৰ্চা চলিছে। ২৬ অক্টোবৰত বাৰুইপুৰত নাবালিকাক ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত অভিযুক্ত এজন আৰক্ষীৰ এনকাউণ্টাৰত নি*হত হৈছিল। ইয়াৰ পিছদিনা, অৰ্থাৎ ২৭ অক্টোবৰত শ্বামশ্বেৰগঞ্জত বিজেপি কৰ্মীৰ হ*ত্যাৰ অভিযোগত অভিযুক্ত এজন নিহত হৈছিল। এই ঘটনাসমূহৰ পিছত এইবাৰ ৰায়গঞ্জত নাবালিকাক ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত অভিযুক্ত দিলীপ ৰায়ৰ মৃ*ত্যু হয় আৰক্ষীৰ গু*লীত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















