এনে যোগ কেইবা পুৰুষেও পোৱা নাই। আজি ২৯ মাৰ্চত এনে এক বিৰল যোগ তৈয়াৰ হৈছে জ্যোতিষ শাস্ত্ৰ অনুসৰি। ২২৫ বছৰৰ পাছত প্ৰথম চত অমাবস্যাত পৰিছে সূৰ্যগ্ৰহণ। দুপৰীয়া ২ বাজি ২০ মিনিট ৪৩ ছেকেণ্ডত এই গ্ৰহণ আৰম্ভ হব। সূৰ্যগ্ৰহণৰ সৰ্বোচ্চ মুহূৰ্ত থাকিব বিয়লি ৪ বাজি ১৭ মিনিট ২৭ ছেকেণ্ডলৈকে। গ্ৰহণ শেষ হব সন্ধিয়া ৬ বাজি ১৩ মিনিট ৪৫ ছেকেণ্ড। অৰ্থাৎ ৩ ঘণ্টাৰো বেছি সময় ধৰি চলিব এই গ্ৰহণ। এই সূৰ্যগ্ৰহণ মীন ৰাশিত হব।
কেৱল সূৰ্যগ্ৰহণেই নহয়। একধিক কাৰণত জ্যোতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ গুৰুত্ব অসীম। আজি ৬ টা গ্ৰহই মীন ৰাশিত অৱস্থান কৰিব। সূৰ্য, চন্দ্ৰ, বুধ, শুক্ৰ আৰু ৰাহুৰ অৱস্থান থাকিব মীন ৰাশিত। গ্ৰহণৰ সময়ত গ্ৰহসমূহৰ মাজত বৃষ ৰাশিত থাকিব বৃহস্পতি। মঙলে অৱস্থান কৰিব মিথুনত। কেতু থাকিব কন্যা ৰাশিত। শনিও এই দিনটোত কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিব। এই গোচৰৰ প্ৰভাৱত বহু ৰাশিৰ জীৱনলৈ আহিব বৈভৱ।
মকৰ ৰাশি
ব্যৱসায় কৰিব খুজিলে এই ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো আদৰ্শ দিন। যিসকলে ইতিমধ্যেই ব্যৱসায় কৰি আছে তেওঁলোকে বিপুল লাভ পাব। নতুনকৈ ব্যৱসায় আৰম্ভ কৰাৰ বাবেও দিনটো শুভ।
কুম্ভ ৰাশি
বহু দিন ধৰি পাৰিবাৰিক সমস্যাত ভূগি আছে! আজিয়েই মুক্তি পাব এই সমস্যাৰ পৰা। পৈতৃক সম্পত্তি লাভৰ যোগ আছে। কৰ্মস্থলত সন্মান বাঢ়িব। বিনিয়োগৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ।
ধনু ৰাশি
টকাৰ বৃষ্টি হব পাৰে এই ৰাশিৰ জাতকৰ ওপৰত। নতুন উপায়েৰে অৰ্থপ্ৰাপ্তি হব পাৰে। চাকৰিয়ালৰ বাবে এই দিনটো অত্যন্ত সাফল্য়ৰ হৈ উঠিব। বিদেশী মুদ্ৰাৰ বিনিয়োগ কৰিলে লাভৰ মুখ দেখাৰ সম্ভাৱনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ