প্ৰতি বছৰে কাতিৰ পূৰ্ণিমা তিথিত পালন কৰা হয় ৰাধা-কৃষ্ণৰ প্ৰেমৰ উৎসৱ ৰাস৷ আজি ৫ নৱেম্বৰ ২০২৪ৰ বুধবাৰে পালিত হৈছে ৰাস পূৰ্ণিমা বা কাতি পূৰ্ণিমা৷ হেমন্ত ঋতুৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হৈছে ৰাস৷ এই দিনটোত ভগৱান শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধাক পূজা কৰা হয়৷ বৈষ্ণৱ তীৰ্থক্ষেত্ৰ আৰু বিভিন্ন কৃষ্ণ মন্দিৰসমূহত মহা সমাৰোহ হিচাপে ৰাস উৎসৱ পালন কৰা হয়৷
ৰাস উৎসৱৰ মাহাত্ম্য
বৈষ্ণৱসকলৰ আন এক প্ৰধান উৎসৱ হৈছে ৰাস৷ আমাৰ ৰাজ্যৰো ভিন্ন প্ৰান্তত এতিয়া ৰাসৰ উছাহ৷ পুৰাণ অনুসৰি বৃন্দাবনত থকাৰ সময়ত শ্ৰীকৃষ্ণই গোপিনীসকলৰ কাষত প্ৰতিজ্ঞা কৰিছিল যে তেওঁ গোপিনীসকলৰ মনৰ সকলো ইচ্ছা পূৰণ কৰিব আৰু তেওঁলোকৰ সৈতে ৰাসলীলা কৰিব৷ সেই প্ৰতিজ্ঞা ৰাখিবলৈকে কাতিৰ পূৰ্ণিমা তিথিত ৰাধা আৰু অন্য গোপিনীসকলৰ সৈতে ৰাসলীলা কৰিছিল কৃষ্ণই৷ সেই তেতিয়াৰে পৰাই আৰম্ভ হয় প্ৰেমৰ উৎসৱ ৰাস৷ ধাৰণা কৰা হয় ৰসৰ পৰাই ৰাস শব্দৰ উৎপত্তি৷ প্ৰেমৰ ৰস মিহলি এই উৎসৱৰ নাম সেয়ে ৰাস দিয়া হয়৷ বহুতৰে দাবী যে শ্ৰীচৈতন্যদেৱে নৱদ্বীপত এই উৎসৱৰ আৰম্ভণি কৰিছিল. মহাৰাজা কৃষ্ণচন্দ্ৰৰ পৰবৰ্তীকালত এই ৰাস উৎসৱৰ বহুল প্ৰচলন ঘটে৷ অসম, উত্তৰপ্ৰদেশৰ মথুৰা, বৃন্দাবন, ওড়িশা, মনিপুৰতো ৰাস পালিত হয়৷
ৰাস পূৰ্ণিমাত ঘৰৰ এই স্থানত প্ৰদীপ জ্বলালে বাঢ়ে সমৃদ্ধি
কাতি পূৰ্ণিমা তিথিত ৰাস পূৰ্ণিমাৰ ওপৰিও দেৱ দীপাৱলিও পালিত হয়৷ দেৱলোকত এই দিনটোত দীপাৱলি পালন কৰে দেৱতাসকলে৷ মৰ্ত্যতো এই সকলো স্থানত আজি সন্ধিয়া প্ৰদীপ জ্বলালে সংসাৰ সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে৷ জানি থওক আজি সন্ধিয়া ঘৰৰ কোন কোন স্থানত প্ৰদীপ জ্বলাব?
সম্ভৱ হলে আজি কোনো নদীৰ ঘাটলৈ গৈ এটা প্ৰদীপ জ্বলাই আহক৷ সম্ভৱ নহলে ঘৰৰে পুখুৰীতো প্ৰদীপ জ্বলাব পাৰে৷
সন্ধিয়া ঘৰৰ মূল দুৱাৰৰ কাষত প্ৰদীপ জ্বলাওক৷
অশ্বত্থ গছৰ তলত এটা প্ৰদীপ জ্বলালেও শুভ ফল পাব৷ ইয়াৰ ফলত সুখী হয় মা লক্ষ্মী৷
ধানখেতি থাকিলে পথাৰৰ মাজতো এটা প্ৰদীপ জ্বলালে লক্ষ্মী সুখী হৈ সমৃদ্ধি বাঢ়ে৷
তুলসীতলত এই দিনটোত অৱশ্যেই প্ৰদীপ জ্বলাওক৷ অন্য কোনো স্থানত যদি প্ৰদীপ জ্বলোৱা সম্ভৱ নহয় তেন্তে কেৱল তুলসী গছত প্ৰদীপ জ্বলালেও শুভ ফল পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















