বৰ্তমান প্ৰায় প্ৰত্যেক নাগৰিকৰে একোটাকৈ হ’লেও বেংক একাউণ্ট আছে৷ আমি আমাৰ সঞ্চিত অৰ্থ বেংকত জমা ৰাখো৷ বেংকত টকা যেনেকৈ সুৰক্ষিত তেনেকৈ লাভদায়কো৷ আমাৰ দেশত এনে বহু মানুহ আছে যাৰ একাধিক বেংক একাউণ্ট আছে৷
একাধিক বেংক একাউণ্ট ৰাখিলেই বিপত্তি
এই বেংক একাউণ্টসমূহ বহুতেই নিয়মিত ব্যৱহাৰো কৰে৷ আকৌ বহুতে এই সকলো বেংক একাউণ্ট একেলগে ব্যৱহাৰ নকৰে৷ বৰ্তমান অনলাইন লেনদেনৰ যুগত বহুতেই একাধিক বেংক একাউণ্ট ৰাখে৷ এই বেংক একাউণ্টসমূহৰ মাধ্যমেৰে কোনো কোনোৱে বেআইনী লেনদেনো কৰি পেলাই৷ যাৰ এটাতকৈ বেছি বেংক একাউণ্ট আছে তেওঁলোকৰ বাবে আহিছে দুঃসংবাদ৷
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এনে এক নিৰ্দেশিকা জাৰি কৰিছে যাৰ ফলত ডাঙৰ সমস্যাত পৰিব পাৰে বেংক গ্ৰাহকসকলে৷ যদি এটাতকৈ বেছি বেংক একাউণ্ট থাকে তেন্তে সেই একাউণ্টসমূহৰ ওপৰত কাঢ়া নজৰদাৰী চলাব আৰ বি আইয়ে৷ বহু সময়ত দেখা যায় একাধিক বেংক একাউণ্ট আছে এনে একাউণ্ট হোল্ডাৰ বিভিন্ন বেআইনী কাৰ্যকলাপৰ সৈতে যুক্ত হয়৷ একাধিক বেংক একাউণ্ট ব্যৱহাৰ কৰি বহুতেই জালিয়াতিৰ পথ মসৃণ কৰে৷ এই ধৰণৰ জালিয়াতি আৰু আৰ্থিক প্ৰতাৰণা ৰোধ কৰিবলৈকে কাঢ়া হৈছে ৰিজাৰ্ভ বেংক৷
এই সংক্ৰান্তিয় এক খবৰ সম্প্ৰতি ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ তাত কোৱা হৈছে এটাতকৈ বেছি বেংক একাউণ্ট থাকিলে জৰিমনা দিবলগীয়া হ’ব পাৰে একাউণ্ট হোল্ডাৰে৷ ৫০০ বা ১০০০ নহয়, ১০ হাজাৰ পৰ্যন্ত জৰিমনা বিহিব পাৰে আৰ বি আইয়ে৷ যদি কোনো একাউণ্ট হোল্ডাৰে তেওঁৰ একাউণ্টৰ মাধ্যমেৰে সন্দেহজনক লেনদেন কৰি থাকে তেন্তে তেওঁক ৰিজাৰ্ভ বেংকে শাস্তি বিহিব পাৰে৷ যদি আপোনাৰো এটাতকৈ বেছি বেংক একাউণ্ট আছে যিসমূহ আপুনি ব্যৱহাৰ নকৰে তেনে একাউণ্ট অবিলম্বে বন্ধ কৰিব পাৰে৷ একাধিক একাউণ্ট থাকিলেও যাতে সেইসমূহত কোনো সন্দেহজনক লেনদেন নহয় সেই দিশতো নজৰ ৰাখিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ