বিশিষ্ট উদ্যোগপতি তথা ৰেমণ্ড গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ বিজয়পত সিংহানিয়াৰ শনিবাৰে সন্ধিয়া মুম্বাইত ৮৭ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা এই খবৰ নিশ্চিত কৰা হৈছে৷। তেওঁৰ পুত্ৰ ৰেমণ্ড গ্ৰুপৰ বৰ্তমানৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক গৌতম সিংহানিয়াই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই তথ্য শ্বেয়াৰ কৰিছে।
২০১৫ চনত বিজয়পত সিংহানিয়াই ৰেমণ্ড গ্ৰুপৰ ৩৭% অংশীদাৰিত্ব তেওঁৰ পুত্ৰ গৌতম সিংহনিয়ালৈ হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰাই গৌতমে কোম্পানীটোৰ চোৱাচিতা কৰি আছে৷ ৷ পুত্ৰক শ্বেয়াৰ ভগাই দিয়াৰ পূৰ্বে বিজয়পত সিংহনিয়াই দুটা দশক ধৰি কোম্পানীটোৰ দায়িত্ব অকলেই আগবঢ়াই নিছিল৷
১৯৮০ চনৰ পৰা ৰেমণ্ড গ্ৰুপৰ নেতৃত্ব গ্ৰহণ কৰি প্ৰায় ২০ বছৰ অধ্যক্ষ হিচাপে কাম কৰিছিল বিজয়পত সিংহানিয়াই৷ ২০০০ চনৰ ভিতৰত তেওঁ কোম্পানীটোক দেশৰ আগশাৰীৰ বস্ত্ৰ ব্ৰেণ্ডসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিজয়পত সিংহানিয়াই মৃত্যুৰ সময়ত প্ৰায় ১২ হাজাৰ কোটি টকাৰ সম্পত্তি এৰি থৈ গৈছে৷
বিজয়পত সিংহনিয়া আৰু গৌতম সিংহনিয়াৰ মাজত সম্পত্তি আৰু কোম্পানীক লৈ আইনী বিবাদো হৈছিল। কিন্তু পিছত তেওঁলোকৰ মাজত বিষয়টোৰ বুজাপৰা হৈ সমগ্ৰ বিষয়ৰ সমাধানো হয়৷
পদ্মভূষণ বঁটা বিজয়ী তথা নিপুণ পাইলট আছিল বিজয়পত সিংহানিয়া
বিজয়পত সিংহানিয়াকো পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। তেওঁ আছিল এজন দক্ষ পাইলটো আছিল৷ ২০০৫ চনত তেওঁ হট এয়াৰ বেলুনত ৬৯,০০০ ফুট উচ্চতাত উৰি বিশ্ব অভিলেখো গঢ়িছিল। ইয়াৰ পূৰ্বে ১৯৮৮ চনত লণ্ডনৰ পৰা নতুন দিল্লীলৈ মাইক্ৰ’লাইট বিমান এককভাৱে উৰোৱাই অভিলেখ গঢ়িছিল।
বিজয়পত সিংহনিয়াৰ মৃত্যু ভাৰতীয় উদ্যোগৰ বাবে বৃহৎ এক লোকচান বুলি বিবেচিত কৰিছে বহুজনে ৷ ব্যৱসায়ত সফলতা অৰ্জন কৰাই নহয়, বীৰত্বপূৰ্ণ কৃতিত্বৰে নিজকে বিশিষ্ট কৰি তুলিছিল বিজয়পথ সিংহানিয়াই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















