• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
RG Kar-ৰ ৰহস্যৰ দীঘলীয়া ইতিহাসঃ এই ৩টা কাৰণেই তাত বাৰে বাৰে ঘটি থকা ঘটনাৰ আঁৰৰ কাৰণ

RG Kar-ৰ ৰহস্যৰ দীঘলীয়া ইতিহাসঃ এই ৩টা কাৰণেই তাত বাৰে বাৰে ঘটি থকা ঘটনাৰ আঁৰৰ কাৰণ

2 years ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

18 minutes ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

50 minutes ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

1 hour ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

2 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

2 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

3 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

3 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

4 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

5 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

6 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

8 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

RG Kar-ৰ ৰহস্যৰ দীঘলীয়া ইতিহাসঃ এই ৩টা কাৰণেই তাত বাৰে বাৰে ঘটি থকা ঘটনাৰ আঁৰৰ কাৰণ

RG Kar-ৰ ৰহস্যৰ দীঘলীয়া ইতিহাসঃ এই ৩টা কাৰণেই তাত বাৰে বাৰে ঘটি থকা ঘটনাৰ আঁৰৰ কাৰণ

editor by editor
August 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
RG Kar-ৰ ৰহস্যৰ দীঘলীয়া ইতিহাসঃ এই ৩টা কাৰণেই তাত বাৰে বাৰে ঘটি থকা ঘটনাৰ আঁৰৰ কাৰণ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩১ বছৰ বয়সীয়া স্নাতকোত্তৰ প্ৰশিক্ষণাৰ্থী মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ অভিযোগক কেন্দ্ৰ কৰি দেশব্যাপী বিক্ষোভ চলি আছে৷ এই ঘটনাৰ ন্যায়বিচাৰ বিচাৰি সৰৱ সমগ্ৰ দেশৰ চিকিৎসক মহল, শুভবুদ্ধ সম্পন্ন সাধাৰণ মানুহেও কৰি আছে প্ৰতিবাদ৷ উদ্দেশ্য সকলোৰে এটাই ন্যায় লাগে৷ দেশত আৰু দ্বিতীয় এনে কোনো ঘটনা হ’ব নালাগে৷ প্ৰতিবাদৰ মাজতেই এই ঘটনাক কেন্দ্ৰ কৰি তৈয়াৰ হৈছে কিছু ৰহস্যৰো৷

সঞ্জয় ৰায় নামৰ এজন ছিভিক ভলণ্টিয়াৰক এই ঘটনাৰ সাম্ভাৱ্য আছামী হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে৷ মৃতকৰ পৰিয়ালবৰ্গসহ বহু মানুহৰেই ধাৰণা যে ইয়াৰ পাছত অন্য কেইবাটাও কাহিনী আছে৷ আৰ জি কৰ মেডিকেল কলেজত এই ধৰণৰ ৰহস্যজনক মৃত্যুৰ ঘটনা প্ৰথম নহয়৷ এই মেডিকেল কলেজত বাৰংবাৰ একে ধৰণৰ ঘটনা ঘটি আছে৷ কেতিয়াবা যদি ছাত্ৰ আৰু কেতিয়াবা অধ্যাপক, কেতিয়াবা হাউছ ষ্টাফে ৰহস্যজনক মৃত্যুৰ সাবটি লৈছে৷

হাস্পতালত মাজে মাজে পৰ্ণগ্ৰাফী চক্ৰ চলাৰ অভিযোগো উঠিছে৷ কেতিয়াবা উঠিছে মাদক চক্ৰ, কেতিয়াবা উঠিছে পতিতাবৃত্তি চলাৰ দৰে গুৰুতৰ অভিযোগো৷ শেহতীয়া মহিলা চিকিৎসকৰ ঘটনাই আকৌ এবাৰ ইতিহাস খুচৰি চাবলৈ বাধ্য কৰাইছে৷

২০০১, সৌমিত্র বিশ্বাস

২০০১ চনৰ ২৫ আগষ্ট, আৰ জি কৰ মেডিকেল কলেজ হোষ্টেলৰ ৰুমত ঝুলন্ত অৱস্থাত পোৱা গৈছিল সৌমিত্ৰ বিশ্বাস নামৰ এগৰাকী চতুৰ্থ বৰ্ষৰ ছাত্ৰ৷ তৰুণী চিকিৎসকগৰাকীৰ দৰেই কৰ্তৃপক্ষই দ্ৰুততৰভাৱে ঘটনাক আত্মহত্যা বুলি ঘোষণা কৰিছিল৷ কিন্তু নিহতৰ পৰিয়াল আৰু নিহত শিক্ষাৰ্থীৰ বহুকেইজনে এই ঘটনাত সন্দেহ প্ৰকাশ কৰিছিল৷ সৌমিত্ৰৰ মাতৃ আৰু কেইবাগৰাকী সহপাঠীয়ে অভিযোগ কৰিছিল, কলেজ হোষ্টেলৰ ভিতৰত পৰ্ণগ্ৰাফী চক্ৰ চলি আছে৷ হোষ্টেলৰ ৰুমে ৰুমে অশ্লীল ছবিৰ শ্বুটিং চলে৷ ইয়াৰ সৈতে জড়িত হৈ আছে ছেক্স ৰেকেটো৷ আনকি মৃতদেহৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ দৰে জঘন্য কাণ্ডও সংঘটিত হৈ থাকে৷ বেছ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে দাবী কৰিছিল যে সৌমিত্ৰই এই অন্ধকাৰ কাজকৰ্ম ফাঁচ কৰিব বিচাৰিছিল৷ সেয়ে তেওঁক হত্যা কৰা হ’ল৷ কলকাতা হাইকোৰ্টে CIDৰ তদন্তৰ নিৰ্দেশ দিছিল৷ অৰোমিতা দাস আৰু অমিত বালা নামৰ সৌমিত্ৰৰ সহপাঠীকো এই ঘটনাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল৷ কিন্তু এই গোচৰ এই তদন্ত আধৰুৱাই হৈ থাকিল৷ সৌমিত্ৰৰ মৃত্যু আজিও ৰহস্যৰে আবৃত হৈ আছে৷

২০০৩, অৰিজিৎ দত্ত

২০০৩ৰ ৫ফেব্ৰুৱাৰীত আত্মঘাতী হৈছিল আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ এগৰাকী হাউছষ্টাফ অৰিজিৎ দত্ত৷ আৰক্ষীয়ে জনাইছে যে প্ৰথমে অৰিজিতে তেওঁৰ হাতত এনাস্থেছিয়াৰ ইনজেকছন দিছিল৷ তেওঁৰ হাত অৱশ হৈ পৰিছিল৷ তাৰপাছতেই তেওঁৰ হাতৰ শিৰ ব্লেডেৰে কাটি ছিঙি দিয়া হৈছিল৷ তাৰপাছতেই এখন ছাৰ্জিকেল কেচিৰে তেওঁৰ হাতৰ শিৰসমূহ কটা হৈছিল৷ সৰ্বশেষত মেইন হোষ্টেলৰ ছাদৰ তললৈ জাপ মাৰিছিল৷ তলত পৰি থকাৰ সময়তো হাতত আছিল ছাৰ্জিকেল কেচি৷ সেই দিনটো আছিল সৰস্বতী পুজাৰ ঠিক এদিন আগত৷ বীৰভূমৰ শিউড়িৰ ২৪ বছৰীয়া এই যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ৷ কাৰণ আৰক্ষীয়ে কোনো ছুইচাইড নোট বা কিয় ছুইচাইড কৰিলে তাৰ কাৰণ বিচাৰি পোৱা নাছিল৷ অৰিজিতে সদায়ে কম কথা কৈছিল৷ আৰক্ষীয়ে শেষ পৰ্যন্ত কৈছিল ইয়াৰ আঁৰত ব্যৰ্থ প্ৰেমৰ কোনো ঘটন সংপৃক্ত হৈ আছে৷ কিন্তু নিশ্চিতভাৱে তেওঁলোকেও কোনো তথ্য দিব পৰা নাছিল৷ কেইদিনমান পাছতেই এই ঘটনা একেবাৰেই গাপ পৰে৷

২০০৩, প্রবীণ গুপ্তা

অৰিজিতৰ মাত্ৰ কেইদিনমান পাছত ১৬ ফেব্ৰুৱাৰীত আৰু এগৰাকীয়ে নিজকে শেষ কৰাৰ চেষ্টা চলাইছিল৷ তেওঁ প্ৰবীণ গুপ্তা৷ গভীৰ নিশা তেওঁ দুই হাতেৰে হাতৰ কব্জাৰ শিৰা ছিঙি আত্মহত্যাৰ চেষ্টা চলাইছিল৷ কিন্তু সৌভাগ্যক্ৰমে তেওঁ বাচি যায়৷ আমহাৰ্ষ্ট ষ্ট্ৰিট থানাৰ তদন্তকাৰী বিষয়াসকলে জনোৱা মতে এগৰাকী বান্ধবীক উদ্দেশ্য কৰি তেওঁ এখন ছুইচাইড নোট লিখিছিল৷ প্ৰেমত ব্যৰ্থ হোৱাৰ পাছত তেওঁ অৱসাদৰ স্বীকাৰ হৈছিল৷ তাৰপাছতেই তেওঁ আত্মহত্যাৰ চেষ্টা কৰে৷ তেওঁৰ সহপাঠী আৰু ৰুমমেটে জনোৱামতে প্ৰবীণ মুঠেও বিষন্নতাত ভূগা নাছিল৷ তেওঁ আত্মহত্যাৰো চেষ্টা কৰা নাছিল৷ অন্য কোনো বিষয়েহে প্ৰবীণক উদ্বিগ্ন কৰিছিল৷ প্ৰবীণৰ উদ্বেগ কি আছিল কোনোদিনে তেওঁ প্ৰকাশ নকৰিলে৷ লাহে লাহে সময়ৰ সোঁতত এই ঘটনা সকলোৱে পাহৰি পেলায়৷

২০১৬, ডাঃ গৌতম পাল

আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ মেডিছিন বিভাগৰ অধ্যাপত আছিল ডাঃ গৌতম পাল৷ ২০১৬ চনৰ ২৪ অক্টোবৰত দক্ষিণ দমদমৰ ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল ৫২ বছৰ বয়সীয়া এইগৰাকী চিকিৎসকৰ পচা গেলা দেহ৷ দুৰ্গন্ধ পাই আৰক্ষীক খবৰ দিছিল প্ৰতিবেশীয়ে৷ দৰ্জা ভাঙি ভিতৰত সোমাই, প্ৰথম তলাৰ এটা ঘৰৰ বিচনাত মৃত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল চিকিৎসকগৰাকীক৷ আৰক্ষীয়ে অনুমান কৰিছিল যে হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়৷ কিন্তু ঘৰৰ মেজত তেজৰ দাগ আৰু তেওঁৰ মুখত থকা কিছু আঘাতৰ চিহ্নও পোৱা গৈছিল৷

২০২০, পৌলমী সাহা

সেই সময়ত কভিড-১৯ মহামাৰী চলি আছিল৷ মৰ্মান্তিক মৃত্যু হৈছিল দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ প্ৰশিক্ষণাৰ্থী মহিলা চিকিৎসক পৌলমী সাহাৰ৷ আৰক্ষীয়ে জনাইছিল আৰ জি কৰ হাস্পতালত ষষ্ঠ মহলাৰ পৰা জাপ মাৰি আত্মহত্যা কৰিছিল পৌলমীয়ে৷ বন্ধু আৰু সহকৰ্মীয়ে কৈছিল সম্ভৱত বিষণ্ণতাই গ্ৰাস কৰিছিল তেওঁক৷ দীৰ্ঘদিন ধৰি তেওঁ কভিড-১৯ ক্লিনিকত কাম কৰিছিল৷ ১ মে, শিফট আৰম্ভ হোৱাৰ ঠিক পূৰ্বে পুৱা ১১ বজাত তেওঁ ষষ্ঠ মহলাৰ পৰা জাপ মাৰি দিছিল বুলি জনাই আৰক্ষীয়ে৷ যদিও এই ক্ষেত্ৰত কোনো ছুইচাইড নোট পোৱা নাছিল৷ পৌলমীৰ মৃত্যুক লৈ তৈয়াৰ হৈছিল বহু প্ৰশ্নৰো৷ যিসমূহৰ উত্তৰ আজিও পোৱা নগ’ল৷ বিষয়টোক লৈ তদন্ত কৰি কোনো তথ্য দিব নোৱাৰিলে কলকাতা আৰক্ষীয়ে৷

২০২৩, শুভ্রজ্যোতি দাস

২০২৩ত ড্ৰাগ অভাৰডোজৰ বাবে মৃত্যু হৈছিল আৰ জি কৰ মেডিকেল কলেজৰ ইণ্টাৰ্ণ শুভ্ৰজ্যোতি দাসৰ৷ আৰ জি কৰৰ পৰা এম বিবিএছ কৰাৰ পাছত তাৰপৰাই তেওঁ ইণ্টাৰ্ণচিপো কৰিছিল৷ ঘৰত থকা অৱস্থাতেই তেওঁ সংজ্ঞাহীন হৈ পৰা বুলি জনাইছিল পৰিয়ালৰ লোকে৷ দ্ৰুতভাৱে তেওঁক আৰ জি কৰ কলেজৰ আইছিইউত ভৰ্তি কৰা হৈছিল৷ কিন্তু তেওঁৰ জীৱন ৰক্ষা নহ’ল৷ চিকিৎসকে জনাইছিল যে এণ্টিডিপ্ৰেছনড অভাৰডোজত তেওঁৰ মৃত্যু হৈছিল৷ কিন্তু তেওঁ নিজেই এইসমূহ এণ্টিডিপ্ৰেছনড খাইছিলনে? নে কোনোৱে তেওঁক জোৰকৈ খোৱাইছিল৷ আৰক্ষীয়ে তেওঁক বাহিৰ কৰিব নোৱাৰিলে৷ এই ক্ষেত্ৰত ছুইছাইড নোট লাভ নকৰিলে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ
জীৱনশৈলী

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

September 10, 2026
Next Post
‘সঞ্জয়ক চিনি পায়?’ প্ৰশ্ন শুনি দৌৰ আৰক্ষী কৰ্মীৰ, চাওক ভিডিঅ’

‘সঞ্জয়ক চিনি পায়?’ প্ৰশ্ন শুনি দৌৰ আৰক্ষী কৰ্মীৰ, চাওক ভিডিঅ’

বিষ্ণুৰ অশেষ আশীৰ্বাদ থাকে এই ৪ৰাশিৰ জাতকৰ ওপৰত, এওঁলোকৰ সকলো দুখ দূৰ কৰে নাৰায়ণে

বিষ্ণুৰ অশেষ আশীৰ্বাদ থাকে এই ৪ৰাশিৰ জাতকৰ ওপৰত, এওঁলোকৰ সকলো দুখ দূৰ কৰে নাৰায়ণে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.