২৮ মাৰ্চৰ পৰা আৰম্ভ হৈছে আই পি এল ২০২৬। কিন্তু তাৰ পূৰ্বেই ৰিংকু সিঙৰ বাবে আহিল ভাল খবৰ। তেওঁৰ চৰকাৰী চাকৰি নিশ্চিত হৈছে। বাওঁহতীয়া বেটছমেন ৰিংকু সিঙক উত্তৰ প্ৰদেশ চৰকাৰৰ আঞ্চলিক ক্ৰীড়া বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। (ফটো: পিটিআই)

২৪ মাৰ্চৰ সন্ধিয়া ৫ বজাত লক্ষ্ণৌৰ লোকভৱনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে আঞ্চলিক ক্ৰীড়া বিষয়াৰ নিযুক্তি পত্ৰ প্ৰদান কৰে ৰিংকু সিঙক। ৰিংকু সিঙৰ লগতে বিভিন্ন ক্ৰীড়াৰ সৈতে জড়িত আন ছয়গৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈকো নিযুক্তি পত্ৰ প্ৰদান কৰে। (ফটো: পিটিআই)

ৰিংকু সিঙক ক্ৰীড়া কোটাৰ অধীনত আঞ্চলিক ক্ৰীড়া বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। এই পদৰ বাবে তেওঁৰ ডি এ, এইচ আৰ এ, আৰু অন্যান্য খৰচকে ধৰি প্ৰতিমাহে ৫০,০০০ৰ পৰা ৬০,০০০ টকা দৰমহা লাভ কৰিব ৰিংকু সিঙে৷ (ফটো: পিটিআই)

উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা এই চাকৰি লাভ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ধন্যবাদ জ্ঞাপন কৰে ৰিংকু সিঙে। তেওঁ কয়, “নমস্কাৰ, মই ৰিংকু সিং। মোক আঞ্চলিক ক্ৰীড়া বিষয়া হিচাপে নিযুক্তি দিয়াৰ বাবে ইউ পি চৰকাৰক ধন্যবাদ জনাইছো। মই ইউ পি চৰকাৰ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। এছিয়ান গেমছৰ পিছতো মোক ৩ কোটি টকাৰে তেওঁলোকে সন্মানিত কৰিছিল। মই আই পি এলৰ দল কে কে আৰৰ সৈতে আছো, গতিকে এই নিযুক্তিপত্ৰ ল’বলৈ উপস্থিত থাকিব নোৱাৰিলোঁ। মুখ্যমন্ত্ৰী ছাৰৰ পৰা মোৰ যোগদান পত্ৰ অতি সোনকালে লাভ কৰিম।”
উল্লেখ্য যে, ৰিংকুৰ উপৰিও নিযুক্তি পত্ৰ লাভ কৰা আন খেলুৱৈসকলৰ ভিতৰত আছে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় হকী দলৰ সদস্য ৰাজকুমাৰ পাল, তেওঁক গাজীপুৰৰ ডি এছ পি হিচাপে নিযুক্তি দিয়া হৈছে। পেৰিছ পেৰালিম্পিকৰ হাই জাম্প ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা প্ৰবীণ কুমাৰক গৌতম বুদ্ধ নগৰৰ ডি এছ পি হিচাপে নিযুক্তি দিয়া হৈছে। জেভলিনত ৰূপৰ পদক লাভ কৰা অজিত সিং আৰু ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰা ছিমৰণক জিলা পঞ্চায়ত ৰাজ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। ১০০ আৰু ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰীতিপালক ব্লক ডেভেলপমেণ্ট অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















