ঘৰৰ মানুহ ঘৰলৈ উভতিল, শক্তি বাঢ়িল কংগ্ৰেছৰ, চিন্তা বাঢ়িল বিজেপিৰ
অৱশেষত আজি ৮ ছেপ্টেম্বৰ তাৰিখ দেওবাৰে কংগ্ৰেছলৈ উভতিল ৰিপুণ বৰা। সদ্য তৃণমূল কংগ্ৰেছ ত্যাগী ৰিপুণ বৰাই দেওবাৰে পুনৰ কংগ্ৰেছ দলত যোগদান কৰে। চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হোৱা প্ৰদেশ কংগ্ৰেছৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছীগৰাকীয়ে।
কংগ্ৰেছত যোগদান কৰি ৰিপুণ বৰাৰ মন্তব্য- ‘মই পুৰণি ঘৰখন এৰি গৈছিলোঁ’। ‘পুনৰ ঘৰখনলৈ আহি গৌৰৱ অনুভৱ কৰিছোঁ’। ‘একমাত্ৰ কংগ্ৰেছেহে বিজেপিক উৎখাত কৰিব পাৰিব সেইবাবে পুনৰ কংগ্ৰেছত যোগদান কৰিলোঁ’।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰিপুন বৰাই কংগ্ৰেছত যোগদান কৰে। ৰিপুন বৰাৰ পুনৰ যোগদানত বহু কেইগৰাকী কংগ্ৰেছৰ নেতাৰ মন্তব্য- আৰু অধিক শক্তিশালী হ’ল কংগ্ৰেছ, এতিয়া চিন্তা বাঢ়িল বিজেপিৰ। এইবাৰ ২০২৬ চনত বিজেপিক উৎখাত কৰি কংগ্ৰেছেই শাসনলৈ আহিব।
উল্লেখ্য যে, ২০২২ চনৰ ১৭ এপ্ৰিলত ভাৰতীয় জাতীয় কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল ৰিপুণ বৰাই। পাছে ১ ছেপ্টেম্বৰ ২০২৪ তাৰিখে তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল। আৰু আজি পুনৰ আনুষ্ঠানিকভাৱে উভতে পুৰণি দল কংগ্ৰেছলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















