অসম লাইভ ২৪ঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ঋষি কাপুৰে চলচ্চিত্ৰ অনুৰাগীক কন্দুৱাই এৰি থৈ যোৱা এবছৰ হ’ল। বিগত বর্ষৰ ৩০ এপ্ৰিল তাৰিখে মৃত্যু হৈছিল এইগৰাকী বর্ষীয়ান অভিনেতাৰ। ঋষি কাপুৰৰ মৃত্যু বার্ষিকীত তেওঁৰ কন্যা ৰিধমা কাপুৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সুঁৱৰিলে পিতৃৰ স্মৃতি। দুখন ফটো ক’লাজ কৰি আপলোড কৰিলে ৰিধিমাই। ইয়াৰে এখন ফটোত পিতাকৰ কোলাত উঠি উমলি আছে কণমানি ৰিধিমাই। আনখন ফটোত জীয়ৰী ৰিধিমাই সাবটি ধৰি আছে পিতা ঋষি কাপুৰক। উল্লেখযোগ্য যে পিতৃৰ মৃত্যুৰ দিনা শেষ শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিব পৰা নাছিল কন্যা ৰিধিমা। কোভিডৰ ভয়ংকৰ গণসংক্ৰমণৰ বাবে দেশজুৰি চলি আছিল লকডাউন। যাৰ বাবে আহিব পৰা নাছিল ৰিধিমা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ