অসম লাইভ২৪ঃ ‘মনতে আজি মোৰ কিহৰে শিহঁৰণ জাগে…’ ৰিতু ৰিবা নামেই পৰিচয়৷ ইণ্ডিয়ান আইডলে ৰিজেকচন কৰা অৰুণাচলী যুৱক ৰিতু ৰিবাৰ কণ্ঠত প্ৰাণ পাইছে অসমৰ জনপ্ৰিয় গায়ক নীল আকাশৰ জনপ্ৰিয় গীত ‘তোমাৰ উশাহতে…’৷ ৰিতুৱে গীতটো গোৱাৰ লগে লগেই এতিয়া সমগ্ৰতে চৰ্চা চলিছে গীতটোৰ৷
দেশৰ বিভিন্ন মহলত চলিছে ৰিতুৰ চৰ্চা৷ অৰুণাচলী যুৱকজনে মুম্বাইত ইণ্ডিয়ান আইডলত ৰিজেক্ট হোৱাৰ পিছতেই দেশৰ এটি পৰিছিত নাম হৈ পৰিছে৷ দেশৰ আগশাৰীৰ সংবাদ মাধ্যমৰো বাতৰিৰ শিৰোনাম হৈছে ৰিতু৷ উত্তৰ-পূবৰ একাংশই ইণ্ডিয়ান আইডল নাচাবলৈ অনুৰোধো জনাইছে৷ উত্তৰ-পূবৰ প্ৰতিভাক সদায়ে মাহি আইৰ দৃষ্টিৰে চাই ভাৰতৰ মূলসুঁতিৰ মানুহে৷ সেই কথাই ৰিতুৰ ক্ষেত্ৰতো হ’ল বুলি একাংশই সামাজিক মাধ্যমত ক্ষোভো উজাৰিছে৷
সমালোচনা, ৰিজেকচনে মানুহক ওপৰলৈ নিয়ে৷ এই কথা সম্পূৰ্ণৰূপে যেন খাপ খাই পৰিছে ৰিতুৰ ক্ষেত্ৰত৷ ইণ্ডিয়ান আইডল ৰিয়েলিটি শ্ব’ৰ ত্ৰয়োদশ ছিজনত হিমেশ ৰেশমীয়া, নেহা কক্কৰ আৰু বিশাল দাদলানী বিচাৰকৰ আসনত আছে। শ্ব’টোৰ ৩ টা সপ্তাহত শীৰ্ষ ১৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰা হৈছে। কিন্তু শীৰ্ষ ১৫ ৰ ভিতৰত ৰিতু ৰিবাৰ স্থান নিশ্চিত নোহোৱাৰ বাবে ৰিয়েলিটি শ্ব’টোৰ নিৰ্মাতাসকলৰ লগতে সকলো বিচাৰকৰ ওপৰত ৰাইজ ক্ষুব্ধ হৈ পৰিছে৷ সামাজিক মাধ্যমতো শ্ব বৰ্জনৰ চৰ্চা চলিছে৷
ইণ্ডিয়ান আইডল ১৩ ৰ পৰা বাহিৰ হৈছে ৰিটো ৰিবা। শ্ব’টোৰ অডিচনৰ সময়ৰ পৰাই তেওঁৰ কণ্ঠ আৰু গীতৰ শৈলীৰ বাবে তেওঁক ৰাইজে আকোঁৱালি লৈছিল। শ্ব’টোৰ আৰম্ভণিতে মুঠ ৩০ জন প্ৰতিযোগীক নিৰ্বাচিত কৰা হৈছিল, ইয়াৰে বিচাৰকসকলে শীৰ্ষ ১৫ জনক বাছি ল’ব লাগে৷ বাছনি প্ৰক্ৰিয়াত ৰিতুক নোলোৱাৰ বাবে উত্তৰ-পূৱবাসীয়ে আজিও ক্ষোভ উজাৰি থকা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















