অসমত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। এইবাৰ আৰক্ষীৰ পোছাক পৰিধান কৰি অহা ডকাইতৰ এটা দলে মাজনিশা ঘৰত প্ৰৱেশ কৰি মাতৃ-পুত্ৰক বান্ধি লুটপাত চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
জানিব পৰা মতে, কামৰূপ জিলাৰ মুকালমুৱাৰ চান্দাত সংঘটিত হৈছে এই ভয়ংকৰ ডকাইতিৰ ঘটনা। নিশা প্ৰায় ২ বজাত ডকাইতৰ দলটোৱে চান্দাত ভাৰাতীয়া হিচাপে থকা এটা পৰিয়ালৰ ঘৰত প্ৰৱেশ কৰে। ঘৰটোৰ গৰাকী তফিকুৰ ৰহমানৰ পত্নী আৰু পুত্ৰ ব্যৱসায় সংক্ৰান্তীয় কামত চান্দাত আছিল। সেই সময়ত ঘৰত দুয়োগৰাকী লোক অকলে থকাৰ সুযোগ গ্ৰহণ কৰি ডকাইতৰ দলটোৱে এই কাণ্ড সংঘটিত কৰে।
অভিযোগ অনুসৰি, ডকাইতৰ দলটোৱে প্ৰথমে ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। ইয়াৰ পিছতে মাতৃ-পুত্ৰক ভয়-ভাবুকি প্ৰদান কৰি তেওঁলোকৰ হাত-ভৰি আৰু মুখ বান্ধি পেলায়। অসহায় অৱস্থাত থকা দুয়োগৰাকীক বান্ধি থৈ ডকাইতৰ দলটোৱে ঘৰৰ পৰা নগদ ধন আৰু তিনিটাকৈ মোবাইল ফোন লুটি লৈ যায়।
আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল, ডকাইতৰ দলটোৱে আৰক্ষীৰ পোছাক পৰিধান কৰি আহিছিল বুলি জানিব পৰা গৈছে। আৰক্ষীৰ ইউনিফৰ্ম পিন্ধি ডকাইতিৰ দৰে ঘটনা সংঘটিত হোৱাক লৈ অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে মুকালমুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ডকাইতৰ দলটোৰ পৰিচয় আৰু তেওঁলোকৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে তদন্ত চলাইছে। আৰক্ষীৰ পোছাক পৰিধান কৰি ডকাইতি সংঘটিত কৰাৰ এই ঘটনাই অঞ্চলটোত নিৰাপত্তা ব্যৱস্থাক লৈও বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে। নিশাৰ ভাগত সংঘটিত এই ঘটনাই চান্দাকে ধৰি সমগ্ৰ মুকালমুৱা অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















