টেষ্ট কেৰিয়াৰ শেষ ৰোহিত শৰ্মাৰ! ছিডনীত দেখা নাযাব পাৰে হিটমেনক, বিদায় মেচো নাপাব নেকি অধিনায়কগৰাকীয়ে
টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট মেচত ৰোহিত প্লেইং এলেভেনৰ অংশ নোহোৱাৰ সম্ভাৱনা অধিক। তথ্য অনুসৰি ৰোহিতে মেলবৰ্ণতেই অন্তিমখন টেষ্ট মেচ খেলে।
আনকি ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটত বিদায় মেচ খেলাৰ সুযোগো নাপাব ভাৰতীয় অধিনায়কগৰাকীয়ে। কেংগাৰুৰ মাটিত অতি হতাশাজনক প্ৰদৰ্শন কৰিছে হিটমেনে।
বেটত ব্যৰ্থ হোৱাৰ উপৰিও ৰোহিতৰ অধিনায়কত্বক লৈও বহু প্ৰশ্ন উত্থাপন হৈছে। খেলপথাৰত ৰোহিতৰ বহু সিদ্ধান্তই টিম ইণ্ডিয়াৰ পৰাজয়ৰ কাৰণো হৈ পৰিছে।
যাৰ বাবে এতিয়া ছিডনীত অনুষ্ঠিত হব লগা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চমখন টেষ্টত দলৰ অংশ নহ’ব পাৰে ৰোহিত। ৰোহিতৰ অনুপস্থিতিত এতিয়া পঞ্চম টেষ্টত দলৰ অধিনায়কত্ব সম্ভালিব পাৰে যশপ্ৰীত বুমৰাহে। বুমৰাহৰ অধিনায়কত্বত প্ৰথমখন টেষ্ট মেচত সুন্দৰ প্ৰদৰ্শন আছিল ভাৰতীয় দলটোৰ।
আনহাতে চতুৰ্থ টেষ্টত প্লেইং ইলেভেনত পৰিৱৰ্তন কৰাৰ বাবে ৰোহিতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। ভাৰতীয় অধিনায়কগৰাকীয়ে বেটিং অৰ্ডাৰতো সালসলনি কৰিছিল আৰু নিজেই ৰাহুলৰ ঠাইত অ’পেন কৰিবলৈ আহিছিল। ৰোহিতৰ এই সিদ্ধান্ত সম্পূৰ্ণ দলৰ বিৰোধী আছিল।
কেৱল অ’পেনাৰ হিচাপেই ৰোহিত ফ্লপ হোৱাই নহয়, সকলো ক্ষেত্ৰতে ছুপাৰ ফ্লপ আছিল হিটমেন ৰোহিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ