নতুন সপ্তাহৰ আৰম্ভণিতে জ্যোতিষশাস্ত্ৰত এক গুৰুত্বপূৰ্ণ শুভ যোগৰ সৃষ্টি হৈছে৷ সোমবাৰ ২৬ জানুৱাৰীৰ পৰা মকৰ ৰাশিত মঙ্গলৰ অৱস্থানৰ ফলত গঠিত হ’ব ৰুচক ৰাজযোগ৷ জ্যোতিষমতে এই ৰাজযোগ অত্যন্ত শুভ আৰু ইয়াৰ প্ৰভাৱত কৰ্মক্ষেত্ৰ, অৰ্থভাগ্য আৰু সম্পত্তি সংক্ৰান্তিয় বিষয়ত বিশেষ উন্নতিৰ সম্ভাৱনা আছে৷ জ্যোতিষ গণনাই কৈছে ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰী ২০২৬৷ এই এসপ্তাহত পাঁচটা ৰাশিৰ জাতকৰ জীৱনলৈ আহিব পাৰে বৃহৎ সাফল্য৷ কেৰিয়াৰত উন্নতিৰ ওপৰিও আৰ্থিক লাভৰ যোগ আছে৷
মেষ ৰাশি
নতুন সপ্তাহ উদ্যম আৰু আত্মবিশ্বাসেৰে ভৰপুৰ থাকিব মেষ ৰাশিৰ জাতক৷ ধৈৰ্য্য ধৰি কাম কৰিলে দীৰ্ঘদিনৰ সমস্যা সহজেই দূৰ হব৷ কোনো মহিলা বন্ধুৰ সহায় পাব পাৰে৷ ৰৈ থকা কাম শেষ হব৷ নতুন কোনো ডাঙৰ প্ৰকল্প আৰম্ভ কৰাৰ সুযোগ পাব পাৰে৷ দাম্পত্য জীৱনত সুখ আৰু বুজাপৰা থাকিব৷
মিথুন ৰাশি
জানুৱাৰীৰ শেষ সপ্তাহ মিথুন ৰাশিৰ বাবে অত্যন্ত শুভ৷ বহুদিনৰ কোনো সপোন বাস্তবায়িত হব পাৰে৷ সঠিক পথত পৰিশ্ৰম কৰিলে তাৰ ফল পাব৷ এই সময়ত কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় হব পাৰে৷ যি ভৱিষ্যতে কামত আহিব৷ চাকৰি পৰিবৰ্তন বা নতুন চাকৰি লাভৰ সম্ভাৱনা আছে৷
তুলা ৰাশি
কেৰিয়াৰত প্ৰত্যাশাতকৈয়ো বেছি সাফল্য পাব পাৰে তুলা ৰাশিৰ জাতকে৷ কামৰ প্ৰয়োজনত দূৰ ভ্ৰমণ কৰিব পাৰে৷ দাম্পত্য জীৱনত প্ৰেম আৰু আনন্দ থাকিব৷ সংগীৰ অনুভূতিৰ দিশত নজৰ দিয়া জৰুৰী৷ কৰোবাত ছুটি কটাবলৈ যোৱাৰ পৰিকল্পনা সফল হব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীৰ বাবে সময় অত্যন্ত অনুকূল৷
ধনু ৰাশি
ৰুচক ৰাজযোগৰ প্ৰভাৱত ধনু ৰাশিৰ জাতকে নতুন সপ্তাহত আনন্দেৰে সময় কটাব৷ কৰ্মসূত্ৰে কৰা যাত্ৰা ফলপ্ৰসূ হব আৰু আৰ্থিক লাভো পাব৷ সন্তানৰ কোনো সমস্যা সহজেই দূৰ হব৷ পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত স্বস্তি থাকিব৷ স্বাস্থ্য ভালে থাকিব৷
মীন ৰাশি
২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীৰ ভিতৰত সময়খিনি মীন ৰাশিৰ বাবে সুখকৰ৷ নিজৰ কামত মনোযোগ দিলে সাফল্য নিশ্চিত৷ অন্য বিষয়ত অযথা হস্তক্ষেপ নকৰাই ভাল৷ পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷ বন্ধুৰ সৈতে ভুল বুজাবুজি থাকিলে সেয়া দূৰ হব৷ অফিচত চিনিয়ৰ-জুনিয়ৰ সকলৰ সৈতে সম্পৰ্ক মজবুত হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















