ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ
আজি ১৮ মে’ তাৰিখ দেওবাৰে পুৱা ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ কৰে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত এইটো আছিল আটাইতকৈ ডাঙৰ আৰু আক্ৰমণাত্মক ড্ৰ’ন আক্ৰমণ। এই আক্ৰমণে ড্নিপ্ৰ’পেট্ৰ’ভস্ক আৰু ডনেস্ক অঞ্চল কঁপাই তোলে।
এই আক্ৰমণে ইউক্ৰেইনৰ প্ৰতিৰক্ষা ব্যৱস্থাত সমস্যাৰ সৃষ্টি কৰে আৰু সাধাৰণ নাগৰিকৰ মাজত আতংক বিয়পায়। ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কয় যে তেওঁ ইউক্ৰেইনত ‘সংঘাতৰ কাৰণসমূহ আঁতৰাই’ ৰাছিয়াৰ নিৰাপত্তা নিশ্চিত কৰিব বিচাৰে।
ইউক্ৰেইনৰ বায়ুসেনাই প্ৰকাশ কৰা অনুসৰি ৰাছিয়াই নিশাটোৰ ভিতৰতে মুঠ ২৭৩টা বিস্ফোৰক ড্ৰ’ন আৰু ডিক’ই নিক্ষেপ কৰিছিল, যিটো যুদ্ধ আৰম্ভ হোৱাৰ পিছত এৰাতিৰ ভিতৰতে হোৱা আটাইতকৈ ডাঙৰ ড্ৰ’ন আক্ৰমণ। ইয়াৰে ৮৮খন ড্ৰ’ন ইউক্ৰেইনৰ প্ৰতিৰক্ষা বাহিনীয়ে গুলীয়াই পেলোৱাৰ বিপৰীতে ১২৮খন ড্ৰ’ন ইলেক্ট্ৰনিক জামিঙৰ বাবে নিৰুদ্দেশ হয়।
এই আক্ৰমণত ব্যৱহৃত ড্ৰ’নৰ সংখ্যাই ৰাছিয়াৰ পূৰ্বৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণৰ অভিলেখকো অতিক্ৰম কৰিছে। যুদ্ধ আৰম্ভ হোৱাৰ তৃতীয় বৰ্ষপূৰ্তিৰ পূৰ্বে ইউক্ৰেইনৰ ওপৰেৰে ২৬৭খন ড্ৰ’ন নিক্ষেপ কৰে ৰাছিয়াই।
কিয়েভ অঞ্চলৰ গৱৰ্ণৰ মাইকোলা কালাছনিকে কয় যে এই আক্ৰমণত এগৰাকী ২৮ বছৰীয়া মহিলা নিহত হোৱাৰ বিপৰীতে আন তিনিগৰাকী আহত হয়। আহতসকলৰ ভিতৰত এটি নিৰীহ ৪ বছৰীয়া শিশুও আছে। এই আক্ৰমণে ইউক্ৰেইনৰ সামৰিক শক্তিক লক্ষ্য কৰি লোৱাই নহয়, সাধাৰণ সাধাৰণ নাগৰিকৰ জীৱনকো ধ্বংস কৰি পেলায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















