অসম লাইভ২৪ঃ মই শ্বাহৰুখে কৈছো… অৱশেষত মুখ্যমন্ত্ৰীলৈ ফোন কৰিলে কিং খানে৷ ফোন কৰিয়েই অসমত পাঠানৰ বিষয়টোক সৃষ্টি হোৱা উত্তেজনাৰো বুজ লয় শ্বাহৰুখ খানে৷ শনিবাৰে মুখ্যমন্ত্ৰীয়ে শ্বাহৰুখে ফোন কৰি চিনেমা সম্পৰ্কে জনোৱা নাই বুলি কোৱাৰ পাছতেই অৱশেষত ফোনটো আহিল৷
নিশা ২বজাত মুখ্যমন্ত্ৰীলৈ ফোন কৰিলে বলীউড কিং খান শ্বাহৰুখ খানে। ‘পাঠন’ৰ দৰ্শনীত হোৱা অনাকাংশিত ঘটনাকলৈ দুয়োৰে মাজত আলোচনাও হয় বুলি টুইটযোগে জনাইছে মুখ্যমন্ত্ৰীয়ে। ‘পাঠান’ প্ৰদৰ্শনত কোনোধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় বুলি শ্বাহৰুখ খানক আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ