সঁচা প্ৰমাণিত ছলমান খানৰ ভৱিষ্যতবাণী, বহু বছৰৰ মূৰত চৰ্চিত
৯ বছৰৰ মূৰকত সঁচা প্ৰমাণিত বলীউডৰ ভাইজান ছলমান খানৰ এক ভৱিষ্যতবাণী। যি ভৱিষ্যতবাণীয়ে ৯ বছৰৰ পাছত পুনৰ চৰ্চালৈ আহিছে। আজিৰ পৰা ৯ বছৰ পূৰ্বে ২০১৬ চনত এক চিনেমা সন্দৰ্ভত এক মন্তব্য তথা ভৱিষ্যতবাণী কৰিছিল।
সেই ভৱিষ্যত বাণী এতিয়া সঁচা হিচাপে সকলোৰে সমুখলৈ আহিছে। সেই চিনেমাখন আছিল সনম তেৰী কচম। এই কথা চিনেমা খনৰ ডাইৰেক্টৰ বিনয় সপ্ৰু আৰু ৰাধিতা ৰাওৱে নিজে এক সাক্ষাতকাৰত সদৰি কৰিছে।
বিনয় আৰু ৰাধিকাই সদৰি কৰা অনুসৰি ২০১৬ চনত সনম তেৰী কচন চিনেমাখন মুকলি হোৱাৰ পূৰ্বে ছলমান খানৰ ওচৰলৈ গৈছিল , ছলমানে যাতে কিছু প্ৰমোট কৰি দিয়ে চিনেমাখন সন্দৰ্ভত।
ছলমানেও লগে লগে চিনেমাখনৰ ট্ৰেইলাৰ চাই নিজৰ ‘তেৰে নাম’ চিনেমাৰ সৈতে মিল থকা দেখা পাই আৰু ছবিখন সুন্দৰ হোৱা বুলি উল্লেখ কৰাৰ লগতে টুইট (বৰ্তমানৰ এক্স) যোগে কয় যে, এখন বক্স অফিচ হিট ছবি হবলৈ গৈ আছে সনম তেৰী কচম।
কিন্তু মুক্তিৰ লগে লগে সফল হব নোৱাৰে ছবিখন। পাছে এতিয়া ৯ বছৰৰ পাছত ছবি খন পুনৰ ছবিঘৰত মুক্তি কৰাত এইবাৰ সফল হিচাপে পৰিগণিত হয়। বক্স অফিচত ভাল কালেক্টন কৰি হিট হয় হৰ্ষবৰ্ধন ৰাণে আৰু মাৱৰা হোকেন অভিনীত সনম তেৰী কচম ছবিখনে।
যাৰ বাবেই এতিয়া পুনৰ চৰ্চালৈ আহিছে ছলমান খানৰ পূৰ্বৰ মন্তব্যও। সঁচা প্ৰমাণিত হয় বলীউড ভাইজানৰ ছবি খন সন্দৰ্ভত কৰা মন্তব্য।
ছবি খনে এইবাৰ পুনৰ মুক্তি পোৱাত ১১ দিনত ৭৫ কোটি টকা উপাৰ্জন কৰিছে। মুক্তিৰ প্ৰথম দিয়াই ৪ কোটি উপাৰ্জন কৰি পুনৰ মুক্তি পোৱা ছবিৰ সৰ্বাধিক উপাৰ্জন হিচাপে অভিলেখো গঢ়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ