নতুন ছবিক পিছ পেলাই অধিক উপাৰ্জন পুনৰ মুক্তি দিয়া এখন ছবিৰ
দুখন নতুন ছবিক পিছ পেলাই এখন ৯ বছৰ পূৰ্বে মুক্তি পোৱা ছবিয়ে ৰেকৰ্ড উপাৰ্জন কৰিছে। ৯ বছপ পূৰ্বে মুক্তি পোৱা ছবিখন পুনৰ নতুনকৈ মুক্তি দিয়া হয়। যাৰ ফলত এইবাৰ বহু টকা উপাৰ্জন কৰে। পুৰণি হলেও ভাল উপাৰ্জন কৰাৰ বিপৰীতে দুখন নতুন ছবি একেবাৰে ফ্লপ হৈ পৰে।
আমিৰৰ পুত্ৰ জুনেইড খান আৰু শ্ৰীদেৱীৰ কন্যা খুচী অভিনীত ‘লাভয়াপা’ একেবাৰে বিফল হয়। লগতে হিমেশ ৰেছমীয়াৰ ছবি ‘বেডএছ ৰবিকুমাৰ’ তাৰকাখচিত হোৱাৰ পাছতো বিফল হয়।
পাছে এই দুই ছবিক সফল হোৱা ছবিখন কি। সেই ছবিখন হৈছে ‘সনম তেৰী কচম’। প্ৰথমবাৰ মুক্তি দিয়াৰ সময়ত সফল হোৱা নাছিল এই ছবিখন। কিন্তু ৯ বছৰ পাছত পুনৰ ইয়াৰ ৰি-ৰিলিজ কৰাত মাথো দুটা দিনতে ৯.৫০ কোটি টকা উপাৰ্জন কৰে।
আনহাতে জানিব পৰা মতে, ‘লাভয়াপা’ৰ ৩ দিনৰ উাপাৰ্জন ৩.৫৮ কোটি টকা। লগতে ‘বেডএছ ৰবিকুমাৰ’ৰ উপাৰ্জন ৩ দিনত ৫.৩৬ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ