অৱশেষত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বীৰেন সিঙৰ
মণিপুৰ হিংসা ঘটনাৰ ২ বছৰৰ পাছত অৱশেষত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বীৰেন সিঙৰ। ৰাজ্য খনৰ ৰাজ্যপাল অজয় ভাল্লাৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে।
আজি ৯ ফেব্ৰুৱাৰী দেওবাৰে ৰাজ্যৰ ৰাজধানী ইম্ফলত ৰাজ্যৰ ৰাজ্যপালৰ সৈতে সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী সিঙে।
ৰাজভৱনত ৰাজ্যপালৰ হাতত অৰ্পণ কৰা পদত্যাগ পত্ৰত সিঙে কয় যে, ‘এতিয়ালৈকে মণিপুৰৰ জনসাধাৰণৰ সেৱা কৰাটো এক গৌৰৱৰ বিষয়।
মুখ্যমন্ত্ৰী বীৰেন সিঙৰ সৈতে আজি উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি এ শাৰদা, বিজেপিৰ উত্তৰ-পূব মণিপুৰৰ প্ৰভাৰী সম্বিত পাত্ৰৰ লগতে কমেও ১৯জন বিধায়ক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ