ভাৰতৰ পৰৱৰ্তী অধিনায়ক কোন? ৰোহিতৰ বিকল্প হিচাপে গৌতম গম্ভীৰে দাঙি ধৰিলে ইংগিত
অপৰিসীম হেঁচাত ৰোহিত শৰ্মা। চেম্পিয়নছ ট্ৰফীয়ে হিটমেনৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে। সীমান্ত-গাভাস্কাৰ ট্ৰফীত ভাৰতে বিপৰ্যয়ৰ সন্মুখীন হৈছিল। ঘৰুৱা ক্ষেত্ৰত নিউজিলেণ্ডৰ হাততো পৰাস্ত হৈছিল ভাৰত। যাৰ বাবে ৰোহিতৰ অধিনায়কত্বৰ ভাগ্য সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল উত্থাপন হৈছিল বহু প্ৰশ্নৰো।
তাৰে মাজতে গৌতম গম্ভীৰে টেষ্ট ফৰ্মেটত ৰোহিতৰ বিকল্প হিচাপে নাম প্ৰকাশ কৰিছে এগৰাকী অন্য খেলুৱৈৰ। ৰোহিতৰ সলনি বিৰাট কোহলীক পৰৱৰ্তী অধিনায়ক হিচাপে বিবেচনা কৰা বুলি খবৰ ওলাইছে।
বহুতে কৈ আছিল যে ভাৰতীয় টেষ্ট দলৰ পৰৱৰ্তী অধিনায়ক হ’ব পাৰে জশপ্ৰিত বুমৰাহ। কিন্তু জাতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ ধাৰণা অন্যহে। এগৰাকী বেটছমেনকে দিব বিচাৰে দলৰ দায়িত্ব।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গম্ভীৰৰ সমৰ্থন কোহলীৰ নামত। কাৰণ কোৱা হৈছে যে কোহলীৰ আগ্ৰাসী নেতৃত্বত ভাৰতে বিগত সময়ত টেষ্ট ফৰ্মেটত ভাল খেল প্ৰদৰ্শন কৰি আহিছে। বিশেষকৈ বিদেশী মাটিত। লগতে ইয়াকো কয় যে, অৱশ্যে অন্তৱৰ্তীকালীন অধিনায়ক হ’বলৈ কোহলী উপযুক্ত ব্যক্তি।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে হাৰ্দিক পাণ্ডিয়াক ভাৰতৰ টি-২০ দলৰ অধিনায়ক হিচাপে দেখা যাব পাৰে। সূৰ্যকুমাৰ যাদৱৰ পৰিৱৰ্তে পাণ্ডিয়াক টি-২০ দলৰ অধিনায়ক হিচাপে দেখা পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ