শিহৰণকাৰী, পত্নী-কন্যাক ঘৰৰ ভিতৰত সোমোৱাই অগ্নিসংযোগ হেমন্ত বৰাৰ
এইখন অসমতে সংঘটিত হৈছে এক অতিকে শিহৰণকাৰী ঘটনা. পত্নী আৰু কন্যাক ঘৰৰ ভিতৰত সোমোৱাই বাহিৰৰ পৰা ঘৰত অগ্নিসংযোগ দানৱৰূপী পিতৃ তথা স্বামীৰ। ৰূপহীহাটৰ লাওঁখোৱাত সংঘটিত হৈছে এই ঘটনা।
বিধ্বংসী অগ্নি কাণ্ডৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰূপহীহাটত। কালি ৯ ফেব্ৰুৱাৰীৰ নিশা ভাগত লাওঁখোৱা তিনিআলী হেমান্ত বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
জুইৰ সুত্ৰপাত ঘটি দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ জাহ যায়, লগতে সম্পূৰ্ণ বাসগৃহও সেই জুইত ধ্বংস হৈ পৰে।
অগ্নিকাণ্ডটোৰ ফলত সকলো নথি-পত্ৰৰ লগতে জুইত ভস্মীভূত কেইবালাখ টকাৰ সা-সম্পত্তি । ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে।
পাৰিবাৰিক কন্দলৰ বাবেই হেমন্ত বৰা নামৰ লোকজনে পত্নী আৰু কন্যাক ঘৰৰ ভিতৰত আৱদ্ধ কৰি অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে ।
অগ্নি সংযোগ কৰিয়ে হেমন্তই পলায়ন কৰিছিল যদিও লাইলুৰীৰ পৰা ৰাইজে আটক কৰি আমবাগান আৰক্ষীক চমজাই দিয়ে। আনহাতে সেই জুইৰ পৰা কোনোমতে ৰক্ষা পৰে মাতৃ-কন্যা। ঘটনাস্থলীত উপস্থিত ৰাইজে উদ্ধাৰ কৰে দুয়ো মাতৃ-কন্যাক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ