ককায়েকৰ বিয়াত নাচি থাকোতেই হঠাতে বাগৰি পৰি ভগ্নী নিহত, মুহুৰ্ততে সুখ দুখলৈ পৰিবৰ্তিত
এক অতিকে সুখৰ পৰিৱেশ চাৰিওফালে নাচ-গান। সকোলৱে বিয়া বুলি ফুৰ্তি কৰি আছে। সংগীতৰ অনুষ্ঠানো চলি আছে। ককায়েকৰ বিয়া বুলি ভনীয়েক বোৰৰো গাত তত নাই। পাছে সেই সুখৰ মুহুৰ্ত পলকতে দুখলৈ পৰিবৰ্তিত হয় এখন বিয়ঘৰত।
ককায়েকৰ বিয়া বুলি মোমায়েকৰ ছোৱালীয়ে নিজৰ নৃত্য প্ৰদৰ্শন কৰি আছিল। কিন্তু ডেৰ মিনিট মান নচাৰ পাছতে, নাচি থকাৰ মাজতে, হঠাতে ষ্টেজতে বাগৰি পৰে পৰিণীতা। বাগৰি পৰা মানে একেবাৰে প্ৰাণ বায়ু ওলাই যা পৰিণীতাৰ।
লগে লগে হুৱা দুৱা লাগি যায় সকলোফালে। ততাতৈয়াকৈ পৰিণীতাক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। হাৰ্ট এটেক হৈ মৃত্যু হয় পৰণীতাৰ।
এই ঘটনা মধ্যপ্ৰদেশৰ বিদিশাৰ। ইন্দোৰৰ নিবাসী পৰিণিতাই পেহীয়েকৰ লৰাৰ বিয়া বুলি বিদিশালৈ গৈছিল। কিন্তু ফুৰ্তি কৰি থাকোতেই ২৩ বছৰীয়া পৰিণিতাৰ জীৱনেই শেষ হৈ যায়।
সেই ঘটনাৰ ভিডিঅ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যিয়েই ভিডিঅটো দেখিছে দুখ প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ