সকলোৰে সমুখতে কাজিয়াত লিপ্ত হৰভজন আৰু ছেৱেইব আখতাৰ, ভাইৰেল ভিডিঅ’
ক্ৰিকেটৰ জগতত হৰভজন সিং আৰু ছোৱেইব আখতাৰৰ নাম সৰ্বজনবিদিত। চিৰবৈৰী ভাৰত আৰু পাকিস্তানৰ সুদক্ষ বলাৰ দুয়ো। একে সময়ৰে দুগৰাকী ধুৰন্ধৰ বলাৰ। পাছে সদ্যহতে ভাইৰেল হৈছে দুয়োৰে এক ভিডিঅ’। দুয়োকে কাজিয়াত লিপ্ত হোৱা দেখা গৈছে।
বৰ্তমানে আইচিচি চেম্পিয়নছ ট্ৰফীৰ বাবে গৰম হৈ আছে ক্ৰিকেট জগত। প্ৰতিযোগিতাখন আৰম্ভ হ’বলৈ মাজত এতিয়া ১০ দিনতকৈও কম সময় বাকী আছে। ইয়াৰ বাবেই এই মেগা ইভেণ্টৰ প্ৰচাৰ আৰম্ভ হৈছে।
প্ৰতিযোগিতা খনৰ বাবে সমগ্ৰ বিশ্বৰ অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু তাৰে মাজতে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ২৩ ফেব্ৰুৱাৰীৰ খেল। যাৰ বাবে বিশেষকৈ ভাৰত আৰু পাকিস্তানে অপেক্ষা কৰি আছে।
যি খেল ডুবাইত অনুষ্ঠিত হ’ব। এই খেল হব ভাৰত আৰু পাকিস্তানৰ মাজৰ হাইভল্টেজ মেচ। এই দুয়োটা দলৰ মাজত সংঘৰ্ষৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন স্পিনাৰ হৰভজন সিং আৰু পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ শ্বোৱেইব আখতাৰৰ মাজত কাজিয়া হোৱা দেখা গৈছে।
https://x.com/shoaib100mph/status/1888569015095742625
পাছে এই দুই প্ৰাক্তন ক্ৰিকেটাৰৰ মাজত লগা এই যুঁজখন বাস্তৱিক নহয় বৰঞ্চ প্ৰচাৰৰ ষ্টাণ্টহে। দুয়োজনেই ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ILT20 ফাইনেলত উপস্থিত আছিল।
ইয়াতেই হৰভজনক প্লাষ্টিকৰ বেট এখন লৈ থকা দেখা গৈছে, আনহাতে শ্বোৱেইব আখতাৰ হাতত বল। ইজনে সিজনক দেখা পাই দুয়ো ওচৰ চাপি আহে, য’ত আখতাৰে ধেমালিতে হৰভজনক ঠেলি দিলে। পাছত অৱশ্যে দুয়ো হাঁহিয়ো দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ