৫ বছৰে ধৰি গা নোধোৱা এগৰাকী চিকিৎসক, সদৰি কৰিলে ইয়াৰ পাছৰ বৈজ্ঞানিক কাৰণ
গা ধোৱাটো পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়, কিন্তু সঁচাকৈয়ে ইয়াৰ প্ৰয়োজন আছেনে? এই বিশ্বাসক প্ৰত্যাহ্বান জনাবলৈ এজন চিকিৎসকে পাঁচ বছৰ ধৰি গা নোধোৱাৰ সিদ্ধান্ত লয়। ডাঃ জেমছ হেম্বলিন, যি এগৰাকী প্ৰতিৰোধমূলক আৰু জনস্বাস্থ্য বিশেষজ্ঞ। যি বিগত পাঁচ বছৰ ধৰি গা ধোৱা নাই।
২০২০ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ ক্লিন: দ্য নিউ চাইন্স অৱ স্কিনত শ্বেয়াৰ কৰিছে এই বিষয়ে। চিকিৎসগৰাকীয়ে কিদৰে ৫ বছৰ ধৰি তেনেদৰে থাকিব পাৰিছিল সেই বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে। জানিব পৰা মতে এই চিকিৎসগৰাকী আমেৰিকাৰ।
চিকিৎসগৰাকীৰ এই বিষয়ে সদৰি হোৱাৰ পাছতে বহুতে প্ৰশ্ন কৰিছিল, কিদৰে সম্ভৱ এয়া, গা নোধোৱাকৈ থকাৰ ফলত শৰীৰৰ গোন্ধ কিয় নোলাল? ডাঃ হামবলিনৰ উত্তৰ আছিল যে তেওঁ নিয়মিতভাৱে চাবোনেৰে হাত ধুইছিল, প্ৰয়োজনত চুলি তিয়াইছিল আৰু শৰীৰত মলি দেখিলে পানীৰে পৰিষ্কাৰ কৰিছিল।
ডাঃ হামবলিনৰ মতে আমি গা ধুওঁতে বিশেষকৈ গৰম পানী আৰু চাবোন ব্যৱহাৰ কৰিলে আমাৰ ছালৰ প্ৰাকৃতিক তেল আৰু মাইক্ৰ’বায়’মৰ ক্ষতি হয়। ছালত উপস্থিত এই অণুজীৱই শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। বেছিকৈ গা ধুলে ছাল শুকুৱাই শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থা দুৰ্বল কৰি তোলে।
তেওঁৰ মতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গা ধোৱা একে কথা নহয়। পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰোগ প্ৰতিৰোধৰ লগত জড়িত, যেনে হাত ধোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, আনহাতে গা ধোৱাৰ লগত সতেজতা আৰু সৌন্দৰ্য্যৰ সম্পৰ্ক আছে। সমাজ আৰু বিপণনৰ প্ৰভাৱৰ বাবে আমি দৈনিক গা ধোৱাৰ অভ্যাস গঢ়ি তুলিছো, কিন্তু স্বাস্থ্যৰ বাবে ই প্ৰয়োজনীয় নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ