বিশ্বাস কৰিবনে! অনুৰাগীয়ে সঞ্জয় দত্তৰ নামত লিখি দিছিল ৭২ কোটি টকাৰ সম্পত্তি
বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ অনুৰাগীৰ সংখ্যাৰ লেখ-জোখ নাই। তাৰকা সকলৰ নামত ইমানেই পাগল কিছু অনুৰাগী আছে যে, প্ৰিয় তাৰকাৰ নামত যি কোনো কাম কৰিবলৈ মান্তি হৈ যায়। তেনেই এগৰাকী অনুৰাগীয়ে নিজৰ ৭২ কোটি টকাৰ সম্পত্তি লিখি দিয়ে সঞ্জয় দত্তৰ নামত।
২০১৮ চনত নিশা নামৰ এগৰাকী অনুৰাগীয়ে তেওঁৰ মৃত্যুৰ পিছত সঞ্জয় দত্তক তেওঁৰ ৭২ কোটি টকাৰ সম্পত্তি হস্তান্তৰ কৰিছিল। কিন্তু নিশা নামৰ মহিলাগৰাকীয়ে কোনোদিনে লগ পোৱা নাছিল প্ৰিয় তাৰকাগৰাকীক। এই মহিলাগৰাকীৰ নাম আছিল নিশা পাটিল।
খবৰ অনুসৰি ৬২ বছৰীয়া নিশা এগৰাকী গৃহিণী আৰু মুম্বাইৰ বাসিন্দা আছিল। মৃত্যুৰ পূৰ্বে তেওঁৰ ৭২ কোটি টকাৰ সমগ্ৰ সম্পত্তি সঞ্জু বাবালৈ হস্তান্তৰ কৰিছিল।
জানিব পৰা মতে, নিশা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল, যাৰ মৃত্যু নিশ্চিত আছিল। সেয়ে নিজৰ নিশ্চিত মৃত্যুৰ বিষয়ে জনাৰ পাছত বেংকলৈ কেইবাখনো চিঠি লিখিছিল। সেই চিঠি বোৰত তেওঁ নিজৰ সকলো সম্পত্তি সঞ্জয় দত্তক হস্তান্তৰ কৰিবলৈ অনুৰোধ জনাইছিল।
আনহাতে সঞ্জয় দত্ত এই সকলোবোৰৰ বিষয়ে একেবাৰে অজ্ঞাত আছিল। মহিলাগৰাকীৰ মৃত্যুৰ পাছত যেতিয়া সকলো সম্পত্তি অভিনেতাগৰাকীৰ নামত গুচি যায়, তেতিয়া আৰক্ষীয়ে তাৰকাগৰাকীক এই বিষয়ে সদৰি কৰে। তেতিয়াহে এই সমষ্ট কতা জানিব পাৰে সঞ্জয় দত্তই।
কিন্তু এই খবৰ পোৱাৰ পিছত অভিনেতাজনে স্পষ্ট কৰি দিয়ে যে তেওঁ সম্পত্তিৰ দাবী নকৰে। তেওঁ নিশা পাটিলক ব্যক্তিগতভাৱে চিনি নাপায়। লগতে নিশা পাটিলৰ তেওঁৰ প্ৰতি থকা মৰম দেখি যথেষ্ট আচৰিত হয়। লগতে ইয়াকো কয় যে, প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি সম্পত্তি নিশাৰ পৰিয়াললৈ ঘূৰাই দিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ