অপেক্ষাৰ অন্ত, অনতি পলমে ধৰালৈ উভতি আহিব সুনিতা আৰু বুশ্ব উইলমোৰ, তাৰিখ সদৰি নাছাৰ
প্ৰায় ১ বছৰে ধৰি মহাকাশত আৱদ্ধ হৈ থকা নাছাৰ দুই মহাকাশবিজ্ঞানী সুনিতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰৰ ক্ষেত্ৰত প্ৰকাশ পাইছে এক সুখবৰ। নাছাৰ ফালৰ পৰা সদৰি কৰা অনুসৰি অনতি পলমে ধৰালৈ উভতি আহিব দুয়োগৰাকী বৈজ্ঞানিক।
এই সন্দৰ্ভত আনকি তাৰিখো সদৰি নাছাৰ ফালৰ পৰা। ইতিমধ্যে সকলো সাজু কৰি তোলা হৈছে। সকলো ফালৰ পৰা প্ৰস্ততি তুংগত উঠিছে।
২০২৪ চনৰ জুনত ৮ দিনৰ বাবে গৈ বিগত ৮ মাহ ধৰি আৱদ্ধ হৈ থাকিব লগা হোৱা সুনিতা আৰু বুশ্বৰ উভতনি সন্দৰ্ভত নাছাই সদৰি কৰা তাৰিখ অনুসৰি অহা মাৰ্চ মাহৰ ১৯ তাৰিখে চুড়ান্ত কৰা হৈছে দুয়োগৰাকী উভতি অহাৰ তাৰিখ। যাৰ ফলত তেঁওলোকে মহাকাশত থকা মুঠ ২৮৬ দিন সম্পূৰ্ণ হব।
স্পেচএক্সৰ ক্ৰু-১০ মিছনৰ পৰিৱৰ্তনৰ বাবে এই উভতি অহা সম্ভৱ হ’ব হৈ উঠিছে। ২৯ ছেপ্টেম্বৰৰ পৰা আই এছ এছৰ সৈতে সংযুক্ত হৈ থকা স্পেচএক্সৰ ক্ৰু-১০ কেপচুলত উঠি উইলিয়ামছ আৰু উইলমৰে ধৰালৈ উভতি আহিব।
নাছাৰ নিয়ম অনুসৰি ক্ৰু-১০ অহালৈকে আই এছ এছত থাকিব লাগিব ক্ৰু-৯। ইয়াৰ ফলত নতুন দলটোৰ কামটো বুজি পোৱাত সহায় হয় আৰু কামটো কোনো বাধা নোহোৱাকৈ চলি থাকে। নাছাই নতুন ড্ৰেগন কেপচুল ব্যৱহাৰ কৰি যিমান পাৰি সোনকালে ক্ৰু-১০ উৎক্ষেপণ কৰিব বিচাৰিছে। ইয়াৰ ফলত উইলিয়ামছ আৰু উইলমৰে নিৰ্ধাৰিত সময়ত পৃথিৱীলৈ ঘূৰি আহিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ